বৃক্ষ ৰোপণ অভিযানেৰে এন আৰ এলৰ গণৰাজ্য দিৱস পালন

597ef31b e217 41c0 81e4 9ea639e8fb28

দেশৰ ৭২ সংখ্যক গণৰাজ্য দিৱসৰ স’তে সংগতি ৰাখি এন আৰ এল-এ শোধনাগাৰটোৰ আঠটা স্থানত একেলগে এক বৃহৎ বৃক্ষ ৰোপণ অভিযান আৰম্ভ কৰে।অহা দুমাহৰ ভিতৰত এন আৰ এলৰ দ্বাৰা বিভিন্ন প্ৰজাতিৰ ১০ হাজাৰ জোপা গছপুলি ৰোপণ কৰা হ’ব। বৃক্ষ ৰোপণ কৰা স্থান সমূহৰ ভিতৰত আছে পুৰাবাংলা, ৰংবং, বোকাখাত জে ডি এছ জি কলেজ, বাবাথান মন্দিৰ চৌহদ, খুমটাইৰ ওচৰৰ ডাবীডুবি, লেটেকুজান, কমৰগাঁও, ৰজাবাৰী।এন আৰ এলৰ সঞ্চালক (কাৰিকৰী) বি জে ফুকনে ৰংবঙত আৰু সঞ্চালক (বিত্তীয়) আই মিত্ৰই বোকাখাত জে ডি এছ জি কলেজত বৃক্ষ ৰোপণ কাৰ্যসূচী আৰম্ভ কৰে।

বৃক্ষ ৰোপণ কাৰ্যসূচী পূৰ্বে এন আৰ এলৰ পৰিচালন সঞ্চালক এছ কে বৰুৱাই গণৰাজ্য দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে সভাপতিত্ব কৰে। তেওঁ এন আৰ এলৰ নগৰাঞ্চলৰ খেলপথাৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু মাৰ্চ পেৰেডত অভিবাদন গ্ৰহণ কৰে।তেওঁ সশস্ত্ৰ বাহিনীৰ ছহিদ সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু চি আই এছ এফৰ সদস্য সকলক তেওঁলোকৰ দৃষ্টান্ত মূলক সেৱাৰ বাবে পুৰস্কৃত কৰে। ভাষণত তেওঁ ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত উদ্ভৱ হোৱা প্ৰত্যাহ্বান মূলক সময়ৰ স’তে সাহসেৰে মোকাবিলা কৰাত আগভাগ লোৱাৰ বাবে কৰ্মচাৰীসকলৰ শলাগ লয়।অনাগত সময়ত কোম্পানীৰ অভিলাষী পথ নিৰ্দেশনাও শ্বেয়াৰ কৰে আৰু আগন্তুক সময়ত ঐকান্তিকতাৰে আগবাঢ়িবলৈ তেওঁ কৰ্মচাৰীসকলক আহ্বান জনায়।

Exit mobile version