ব্ৰাজিল ষ্ট্ৰেনত আক্ৰান্ত আমেৰিকা

কৰ’না আক্ৰান্তৰ নিৰিখত শীৰ্ষত থকা আমেৰিকাৰ লোক এতিয়া ব্ৰাজিল ষ্ট্ৰেনত আক্ৰান্ত । আজি সমগ্ৰ বিশ্বত কৰ’না আক্ৰান্তৰ সংখ্যা এহেজাৰ কোটি অতিক্ৰম কৰিছে বুলি জনায় আন্তৰ্জাতিক সমীক্ষক সংস্থা ‘ৱৰ্ল্ডমিটাৰ্ছে’ ।

সোমবাৰে আমেৰিকাত ব্ৰাজিল ষ্ট্ৰেনত আক্ৰান্ত প্ৰথমজন ৰোগীৰ সন্ধান পোৱা যায় । আক্ৰান্ত লোকজন মিনেছ’টাৰ বাসিন্দা । তেওঁ সম্প্ৰতি ব্ৰাজিলৰ পৰা উভতি আহিছিল বুলি জনাইছে সংশ্লিষ্ট ৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগে । চলিত বৰ্ষৰ আৰম্ভণিতে লোকজনক ক’ভিড আক্ৰান্ত পোৱা গৈছিল । সেয়ে তেওঁক কুৱাৰেণ্টাইনত থাকিবলৈ উপদেশ দিয়ে স্বাস্থ্যকৰ্মীসকলে । পাছত নমুনা পৰীক্ষণত তেওঁক ‘ব্ৰাজিল পি-১’ নতুন ষ্ট্ৰেনত আক্ৰান্ত পোৱা যায় ।

বিগত তিনিদিন ধৰি আমেৰিকাৰ পৰিস্থিতি পুনৰ বেয়ালৈ ঢাল খোৱাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে বিদেশ ভ্ৰমণত কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে । এই পদক্ষেপ ব্ৰাজিল ষ্ট্ৰেনক ৰোধ কৰিবৰ বাবে কিমান প্ৰয়োজনীয় সেই সন্দৰ্ভত সম্প্ৰতি বহু বিশেষজ্ঞই মত প্ৰকাশ কৰিছে ।

অষ্ট্ৰাজেনেকা আৰু ফাইজাৰ দুই প্ৰতিষেধক সংস্থাৰ বিৰুদ্ধে চুক্তিত উল্লিখিত নিৰ্ধাৰিত সময় অনুসৰি, প্ৰতিষেধক সৰবৰাহ কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰিছে ইউৰোপীয় কমিছনে । অষ্ট্ৰাজেনেকাই জনায় যে, ইউৰোপত প্ৰতিষেধক সৰবৰাহ কৰিবৰ বাবে পৰ্যাপ্ত পৰিমাণৰ প্ৰতিষেধক প্ৰস্তুত নথকাৰ বাবেই এনে সমস্যাৰ সৃষ্টি হৈছে । ফাইজাৰে বৰ্তমানলৈকে কোনো কাৰণ দৰ্শোৱা নাই ।

Exit mobile version