নহৰুৰ ঔষধি গুণাগুণ

1800ss thinkstock rf garlic in bowl

★নহৰুত থকা আটাইতকৈ লাগতিয়াল তত্ববিধ হ’ল চালফাৰযুক্ত এলিচিন (Allicin – diallyl disulphide oxide)

★নহৰুত আইৰণ, ক’পাৰ, মেগনেচিয়াম, মেংগানিজ, জিংক, চেলেনিয়াম, ফচফৰাচ, কেলচিয়াম পোৱা যায়।

★নহৰুৱে অপকাৰী ক’লেষ্টৰলৰ পৰিমাণ হ্ৰাস কৰে ৷

★তেজৰ নলীত চৰ্বি (Atheroma) জমা হ’ব নিদিয়ে ৷ নহৰুক এচপ্ৰিনৰ দৰে কাম কৰা দেখা যায় ৷ গতিকে নহৰুৱে ষ্ট্ৰকৰ সম্ভাৱনা হ্ৰাস কৰে ৷

★উচ্চ ৰক্তচাপ কমোৱাত নহৰু সহায়ক সিদ্ধ হৈছে ৷

★তেজ পৰিষোধক হিচাবে নহৰুৱে কাম কৰে ৷ দুফুটা নহৰু আৰু অকণমান নেমুৰস নিতৌ পুৱা গ্ৰহণ কৰিলে ক্লান্তি আতৰ হয়, শালমন আৰোগ্য হয়, মেদবহুলতা কমোৱাত সহায়ক হয় ৷

★ নহৰু চাহ বনাই লগত সামান্য আদা বা মৌজোল মিহলাই খাবলৈ পৰামৰ্শ, খালে দেহ ভালে থাকে।

★পানী লগা, চৰ্দি নহৰুৱে নিৰাময় কৰে ৷ তেনেই সামান্য পৰিমাণৰ নহৰুৰ ৰস নাকৰ ভিতৰত সানিলে নাকৰ পৰা পানী ওলোৱা বন্ধ হয় ।

★নহৰুৰ এন্টি-বেক্টেৰিয়েল, এন্টি-ভাইৰেল আৰু এন্টি-ফাংগেল গুণ প্ৰমাণিত হৈছে ৷

★ৰজোনিবৃত্তি হোৱা মহিলাৰ ইষ্ট্ৰোজেন হৰম’নত ক্ৰিয়া কৰি হাঁড়ক সুৰক্ষা দিয়ে ৷

★ডায়েবেটিচ ৰোগীৰ বাবে নহৰু উপকাৰী ৷

★হাঁড়ৰ বিষ (Osteoatrhritis) থকা ৰোগীৰ বাবে নহৰু উপকাৰী ৷

★চৰ্মৰোগ যেনে স্কেৰ’ডাৰ্মা আদিৰ চিকিৎসাত সহায়ক ৷

★লিভাৰৰ নানান অসুখত মৌজোলৰ স’তে নহৰু ব্যৱহৃত হয় ৷

★গাৰ বিষ, কঁকালৰ বিষ, খুন্দা খাই পোৱা বিষৰ উপশম ঘটাবলৈ গৰম নহৰু-মিঠাতলৰ মালিশ কৰিব লাগে ৷

★পানী লগা, চৰ্দিত গৰম নহৰু-মিঠাতেলৰ মালিশ বুকু, নাক আৰু ডিঙিত কৰিব লাগে ৷

★নহৰু আৰু পদিনাৰ চাটনিয়ে আভোক আঁতৰ কৰে ৷

★ কাণৰ বিষ হ’লে দুই ফোটা নহৰু, ১/২ চামুচ তেল গৰম কৰি ঠাণ্ডা হ’লে কাণত দিলে কাণৰ বিষৰ পৰা উপশম পায় । কিন্তু মনত ৰাখিব যদি কাণৰ পৰা পানী বা পুজ পানী বাহিৰ হয় তেনেহ’লে এই পদ্ধতি অৱলম্বন নকৰিব।

★১/২ চামুচ নহৰুৰ ৰস নিতৌ দুবাৰকৈ খালে পাচন ক্ৰিয়াত যথেষ্ট উপশম পায় । পেটত হোৱা গেছ, বদহজম, বমিৰ পৰা উপশম পায় । নহৰু ৰসে ভয়ংকাৰী বেক্টেৰিয়া বিৰুদ্ধে যুঁজ দিব পাৰে ।

★ কেইবাগৰাকী বিজ্ঞানীৰ মতে নহৰুৰ এবিধ ব্ৰডস্পেকট্ৰাম অণুজীৱ বিনষ্ট কৰিব পৰা ক্ষমতা আছে।

★ ১/২ নহৰু ৰস, ১/২ চামুচ তেঁতেলীৰ ৰস নিতৌ দুবাৰকৈ খালে চৰ্বি, ৰক্তত উচ্চ কলেষ্টেৰল আৰু উচ্চ ৰক্তচাপৰ পৰা উপশম পায়।

★দুই বা তিনি ফোটা নহৰুৰ ৰস, ১/২ গিলাছ পানী ৰাতিপুৱা খাব। তাৰ ২০ মিনিটৰ পাছত ৩০ মিলি এল’ভেৰা ৰস খালে লিভাৰত হোৱা যি কোনো বেমাৰৰ পৰা উপশম পায় । কিন্তু যদি জণ্ডিচ হয় তেনেহ’লে নহৰু নাখাব ।

★নহৰু ৰস নিতৌ দুবাৰকৈ খালে কৃমিৰ পৰা উপশম পায় ।

★ নহৰু ৰস নাৰিকল তেলৰ লগত গৰম কৰি চুলিৰ গুৰিত ১৫ মিনিট লগালে চুলি সৰা,চুলি অকালতে পকা, উফি, টকৌয়ে খোৱাৰ পৰা উপশম পায়।

★নহৰু ৰস এন্টিচেপতিক হিচাপে ব্যৱহাৰ কৰিব পাৰে কটা-ছিঙাত । নহৰুৰ লেপন কটা-চিঙাত ব্যৱহাৰ কৰিলে সোনকালে ঘাঁ ডোখৰ শুকুৱাত সহায় কৰে।

★নহৰু ৰস এক চামুচ নিতৌ দুবাৰকৈ খালে বাতজনিত বিষৰ পৰা উপশম পায় ।

★নহৰুৰ ৰসেৰে কুহুমীয়া পানীত মিলাই কুলকুলি কৰিলে যি কোনো কাৰণত হোৱা ডিঙিৰ বিষত উপশম পায়।

Exit mobile version