পামেলা এণ্ডাৰছনৰ পঞ্চমখন বিয়া, এইবাৰ অৱশ্যে বিবাহৰ বাবে বিশাল আয়োজন কৰা হোৱা নাই । তথ্য অনুসৰি যোৱা বছৰৰ শেষৰ ফালে গোপনে বিয়াত বহিছিল পামেলাই ।পামেলাই জানিবলৈ দিয়ে যে, তেওঁ তেওঁৰ দেহৰক্ষী ডান হেহাৰ্ষ্টৰ স’তে বিবাহ পাশত আৱদ্ধ হৈছে । তলাবন্ধৰ পৰা পামেলাৰ স’তেই আছিল ডান ।
ডানে নিৰন্তৰ পামেলাৰ চোৱাচিতা কৰি আছিল । মডেল-অভিনেত্ৰীগৰাকী তেওঁৰ স’তে অতি সুখী বুলি জানিবলৈ দিয়ে পামেলাৰ ঘনিষ্ঠসকলে । এইটো পামেলাৰ পঞ্চম বিবাহ । কিন্তু, তেওঁ এই কথা স্বীকাৰ নকৰে। তেওঁৰ মতে, এইটো তেওঁৰ চতুৰ্থ বিবাহ । ইয়াৰ পূৰ্বে পামেলাই টমি লী, বব ৰিচি আৰু ৰিক চাল’মনৰ স’তে বিবাহ পাশত আৱদ্ধ হৈছিল । কিন্তু ইয়াৰ মাজতে ২০০৭ আৰু ২০১৩ ত ৰিকক দুবাৰ বিয়া কৰিছিল পামেলাই ।
তাৰ পাছত তেওঁ বিয়া কৰে ডানক । এইটো তেওঁৰ পঞ্চম বিবাহ । যদিও তেওঁ কেইবছৰমান পূৰ্বে জন পিটাৰ্ছক বিয়া কৰাইছিল বুলি শুনিবলৈ পোৱা যায় । অৱশ্যে, বাতৰি ঘোষণা হোৱাৰ ১২ দিন পাছত পামেলাই জানিবলৈ দিয়ে যে, জনৰ স’তে তেওঁৰ সম্পৰ্ক ছেদ হৈছে । তেওঁলোকে আইনী ধৰণে বিয়াও কৰা নাছিল ।
কিন্তু এইবাৰ, তেওঁলোক ঘনিষ্ঠ আত্মীয়ৰ উপস্থিতিত আইনগতভাৱে বিবাহিত । পামেলাই ২৫ বছৰ পূৰ্বে তেওঁৰ আইতা-ককাৰ পৰা ক্ৰয় কৰা বাসগৃহতে আছে ডানৰ স’তে । তেওঁ কয় যে, তেওঁৰ এই গৃহত বিয়া কৰা আৰু থাকোঁতেই তেওঁৰ জীৱনৰ এটা বৃত্ত সম্পূৰ্ণ হ’ল ।