কৰ’না বিধি উলংঘা কৰি বিতৰ্কৰ আৱৰ্তত ফুটবলৰ মহাতাৰকা, আৰম্ভ হ’ল তদন্ত

rs 1200x1200 200822143134 1200 Georgina Rodriguez.cristiano ronaldo.ct .082220

ক্ৰিষ্টিয়ান’ ৰ’নাল্ড’ৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে ইতালীৰ আৰক্ষীয়ে । কৰ’না বিধি উলংঘা কৰি বান্ধৱী জৰ্জিনা ৰডৰিগেজৰ স’তে পিডমন্ত আৰু ভেলে দি’অষ্টাত প্ৰত্যক্ষ কৰা হয় পৰ্টুগলৰ ফুটবল তাৰকাগৰাকীক । সংবাদ সূত্ৰ অনুসৰি, ৰ’নাল্ড’ই ফুৰিবলৈ যোৱা সন্দৰ্ভত ভেলে দি’অষ্টাৰ আৰক্ষীয়ে তদন্ত কৰিছে ।

সামাজিক মাধ্যমত প্ৰচাৰ কৰা এটা ভিডিঅ’ত দেখিবলৈ পোৱা যায় যে, জৰ্জিনাৰ জন্মদিন পালন কৰিবলৈ ৰ’নাল্ড’ই আল্পছৰ বিভিন্ন স্থানত বৰফৰ বাহন চলাইছে । ক’ভিড পৰিস্থিতিৰ বাবে ইতালীৰ বিভিন্ন স্থানত এতিয়াও তলাবন্ধ অব্যাহত আছে । ‘অৰেঞ্জ জ’ন’ অৰ্থাৎ কৰ’নাৰ প্ৰকোপ থকা স্থানত সোমোৱা নিষিদ্ধ । প্ৰয়োজন অবিহনে এই স্থানসমূহত প্ৰৱেশ নিষেধ কৰিছে সংশ্লিষ্ট চৰকাৰে । ৰ’নাল্ড’ক প্ৰত্যক্ষ কৰা এই স্থান নিষিদ্ধ অঞ্চলৰ ভিতৰতে পৰে ।

ক’ভিড পৰীক্ষণত জোভেণ্টাছৰ দুজন খেলুৱৈক প’জিটিভ পোৱা যায় । ৰ’নাল্ড’ও ক’ভিড প’জিটিভ হোৱাৰ বাবে আইচ’লেচনত থাকিবলৈ ইটালীলৈ আহে । ইটালীৰ ক্ৰীড়ামন্ত্ৰী ভিনছেনজ’ স্পেডাফ’ৰাই কয় যে, ফুটবল তাৰকাজনে ক’ভিড ‘বিধি’ উলংঘা কৰিছে । দোষ প্ৰমাণ হ’লে জৰিমনা দিব লাগিব ৰ’নাল্ড’ই ।‌

Exit mobile version