এসপ্তাহে কৰ’না পজিটিভ “শূণ্য” দৰং

coronavirus66 1594465073 1

দৰং জিলাৰ বাবে এটা ভাল খবৰ। মহামাৰী কৰ’নাৰ আতংক অব্যাহত থকাৰ সময়তে বিগত ২২ জানুৱাৰীৰ পৰা আজিলৈকে দৰং জিলাত এজনো “পজিটিভ” ধৰা পৰা নাই ৷ বিগত দিনবোৰত হোৱা তিনি-চাৰি শতাধিক লোকৰ মাজত চলোৱা পৰীক্ষাত এজনক বাদে কোনো পজিটিভ ধৰা পৰা নাই ৷

দৰং স্বাস্থ্য বিভাগৰ এক সূত্ৰে জনা মতে যোৱা ২২ জানুৱাৰীত মঙলদৈ চহৰৰ এজন চিনাক্ত হোৱাৰ বাদে আজিলৈকে এজনো চিনাক্ত হোৱা নাই ৷ উল্লেখযোগ্য যে ২২ জানুৱাৰীৰ পৰা আজিলৈ ন দিনৰ ভিতৰত পৰীক্ষা কৰা ২৬ শ লোকৰ ভিতৰত এজনক বাদে আন সকলো “নিগেটিভ” বুলি ধৰা পৰিছে ৷ আনহাতে সম্প্ৰতি কভিশ্বিল্ড ভেকচিন জিলাখনৰ স্বাস্থ্যকৰ্মী ১৩ হাজাৰ হিতাধিকাৰীৰ ভিতৰত ৫০ শতাংশই গ্ৰহণ কৰিছে ৷ অহা ১২ ফেব্ৰুৱাৰীৰ ভিতৰত অৱশিষ্ট ৫০ শতাংশই ভেকচিন গ্ৰহণ (প্ৰথম পৰ্যায়ৰ) কৰিব৷

Exit mobile version