মৰঙি ৰাজহচক্ৰ বিষয়া কাৰ্যালয়ত ১১০০ পৰিয়ালক ভূমিৰ পট্টা প্ৰদান

2bb8f122 b4b9 48f7 93a7 a4885e2a8902 1

গোলাঘাট জিলাৰ মৰঙি মৌজাৰ ১১০ খন ৰাজহ গাৱঁৰ ১১০০ পৰিয়ালক আজি ভূমিৰ আবন্টন পট্টা আৰু ম্যাদি পট্টা বিতৰণ কৰা হয় ৷সৰুপথাৰ সমষ্টিৰ বিধায়িকা ৰ’জলীনা তিৰ্কী , মৰঙি প্ৰেছ ক্লাৱৰ সভাপতি হেমন্ত শইকীয়াৰ উপস্থিতিত মৰঙি ৰাজহচক্ৰ বিষয়া ডেভিদ কুমাৰ বৰাৰ নেতৃত্বত মৰঙি ৰাজহ চক্ৰ কাৰ্যালয় প্ৰাংগনত এক ৰাজহুৱা সভাত ভূমিৰ পট্টা সমুহ বিতৰণ কৰা হয় ৷

চৰকাৰৰ নিৰ্দেশনা অনুযায়ী এই পট্টাসমুহ বিতৰণ কৰে৷ দীৰ্ঘদিনে বঞ্চিত হৈ থকা ভূমিহীন খিলঞ্জীয়া লোকক ভূমি পট্টা প্ৰদান কৰি বৰ্তমানৰ চৰকাৰখনে এক মৰ্যদা প্ৰদান কৰা বুলি মত ব্যক্ত কৰে হিতাধিকাৰী ৰাইজে ৷ আজি ৬০০ পৰিয়ালক আবন্টন পট্টা প্ৰদান কৰাৰ লগতে ৫০০ পৰিয়ালক ম্যাদি পট্টা প্ৰদান কৰে ৷

Exit mobile version