নিমাইজানত আয়োজিত মে ডাম মেফিট উপস্থিত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

014e73fe 9273 4b08 a867 be7a7f763a3c

আজি আহোমসকলৰ পবিত্ৰ মে ডাম মেফি ।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰৰ নিমাইজানতো পুৱাৰে পৰা আয়োজন কৰা হৈছে মেডাম মেফি।নিমাইজানত আয়োজিত মেডাম মেফিত উপস্থিত স্বাস্থ্য থাকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । পূজা -অৰ্চনাৰে তেওঁ স্মৰণ কৰিলে উপৰিপুৰুষক।স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অনুষ্ঠানত উপস্থিত থাকে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি ৰিতুল বুঢ়াগোহাঁই, ঢেকিয়ালজুলী সমষ্টিৰ বিধায়ক অশোক ছিংঘাল,ময়ূৰ বুঢ়াগোহাঁইকে ধৰি বিভিন্নজন।

অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ,’পূৰ্বপুৰুষসকলক আমি বিশ্বাস কৰোঁ। আমাৰ পৰম্পৰা , আমাৰ সভ্যতাই আমাক শিকায়ছে যে পূৰ্বপুৰুষসকলৰ আৰ্শীবাদতে বৰ্তমানৰ প্ৰজন্ম শান্তি আৰু সমৃদ্ধিৰে বাস কৰিব পাৰে ।তেওঁলোকে নেদেখা স্থানৰ পৰা আমাৰ প্ৰতি যি আশীৰ্বাদ পঠিয়াই সেই আৰ্শীবাদৰ ফলতে সমাজত ইমান অপায় অমংগলৰ মাজতো নিৰাপদে থাকি আমি প্ৰগতিৰ দিশে আগুৱাই যাব পাৰো ।’

Exit mobile version