ৰাম মন্দিৰলৈ এক কোটি টকাৰ বৰঙণি দিলে গুহাবাসী সন্ন্যাসীয়ে

navbharat times 4 2

অযােধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে সম্প্রতি সমগ্ৰ দেশতে অব্যাহত আছে দান-বৰঙণি সংগ্রহ অভিযান। ৰাষ্ট্রপতি ৰামনাথ কৱিন্দৰ পৰা আৰম্ভ বিভিন্ন জনে ইতিমধ্যে ৰাম মন্দিৰৰ বাবে আর্থিক বৰঙণি আগবঢ়াইছে। এইবাৰ সেই তালিকাত নাম লিখালে সংসাৰৰ মায়াজালৰ পৰা অনেক নিলগত থাকি পর্বতৰ গুহাত বাস কৰা এজন সন্ন্যাসীয়েও।অযােধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে এক কোটি টকা দান দিলে স্বামী শংকৰ দাস নামৰ এজন ৮৯ বছৰীয়া সাধুৱে।

স্থানীয় লােকৰ মাজত ‘ফক্কৰ বাবা’ নামেৰে পৰিচিত এই সাধুজনে বিগত ৫০ বছৰৰাে অধিক কাল ধৰি পৰ্বতৰ গুহাত তপস্যা কৰি আছে। কিছুদিন পূর্বে তেওঁ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে বিশ্ব হিন্দু পৰিষদে ধন সংগ্রহ অভিযান চলােৱাৰ বিষয়ে অৱগত হয়। তেতিয়াই নিজেও অনুদান দিয়াৰ বাবে মনস্থিৰ কৰে। তাৰ বাবেই তেওঁ উপস্থিত হয়গৈ ভাৰতীয় ষ্টেট বেংকৰ ঋষিকেশ শাখাত। বেংকৰ বিষয়াসকলক সাধুজনে জনায় যে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে তেওঁ এক কোটি টকা দান দিব।

লগতে সাধুজনে এক কোটি টকাৰ এখন চেক তেওঁলােকৰ হাতত তুলি দিয়ে। স্বাভাৱিকতেই হতবাক হৈ পৰে বেংকৰ বিষয়াসকল। তেওঁলােকে ততাতৈয়াকৈ বিশ্ব হিন্দু পৰিষদৰ স্থানীয় বিষয়ববীয়াক বেংকলৈ মাতি পঠায়। বিশ্ব হিন্দু পৰিষদৰ কর্মকর্তাৰ হাতত পােনপটীয়াকৈ উক্ত চেক তুলি দিয়ে স্বামী শংকৰ দাসে। এই সন্দৰ্ভত সাধুজনে কয়, মই বিগত ৫০ বছৰৰাে অধিক কাল ধৰি গুহাত বাস কৰি আছাে।ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ধন সংগ্ৰহৰ কথাটো জানিব পাৰিয়েই এই ধন অনুদানৰ কথাটো মনলৈ আহে। এইটোৱেইতাে মােৰ জীৱনৰ স্বপ্ন আছিল। প্রথমে সাধুজনে নিজৰ নাম সদৰী কৰিব বিচৰা নাছিল।

পাছত তেওঁৰ কথাই এই ক্ষেত্ৰত আন কাৰােবাক অনুপ্রাণিত কৰিব পাৰে বুলি ভাবিয়েই নাম সদৰী কৰাৰ লগতে ফটো উঠিবলৈকো সন্মত হয়। আৰএছএছৰ ঋষিকেশ শাখাৰ কর্মকর্তা সুদামা সিঙে এই প্ৰসংগত কয়, স্বামী শংকৰ দাসৰ ৰাম মন্দিৰ নিৰ্মাণৰ হকে এক কোটি টকাৰ অনুদানৰ বিষয়টো অৱগত হােৱাৰ লগে লগে আমি বেংকলৈ যাওঁ।তেওঁ যিহেতু পােনপটীয়াকৈ উক্ত ধন দান কৰিব নােৱাৰে, গতিকে তেওঁ চেকখন আমাৰ হাতত তুলি দিয়ে।

আমি চেকখন বেংকত জমা দিছাে। উল্লেখ্য যে বিশ্ব হিন্দু পৰিষদৰ উত্তৰাখণ্ড শাখাই এই পর্যন্ত পাঁচ কোটি টকাৰ অনুদান সংগ্রহ কৰিছে। অৱশ্যে ‘ফক্কৰ বাবা’ৰ এই অনুদানৰ বিষয়টো সদৰী হােৱাৰ লগে লগে বিভিন্ন মহলত প্রতিক্রিয়াও হৈছে। কোনাে লােকে গুহাত বাস কৰি ইমান টকা কেনেকৈ সংগ্রহ কৰিব পাৰে বুলিও প্রশ্ন উঠিছে। সাধুজনৰ এই ধনৰ উৎসক কেন্দ্ৰ কৰিও প্রশ্ন উঠিছে।

Exit mobile version