আমেৰিকাত ভাঙিলে গান্ধী মূৰ্তি

gandhi statue

পুনৰ আমেৰিকাত আক্ৰান্ত জাতীয় পিতা মহাত্মা গান্ধীৰ মূৰ্তি । উত্তৰ কেলিফ’ৰ্ণিয়াৰ ডেভিছ চহৰৰ চেণ্ট্ৰেল পাৰ্কত ২৯৪ গ্ৰাম ওজনৰ ছয় ফুট উচ্চতাবিশিষ্ট ব্ৰ’ঞ্জৰ গান্ধী মূৰ্তি ভাঙি চূৰমাৰ কৰে এদল দুষ্কৃতিকাৰীয়ে । এই কাৰ্যক গৰিহণা দি ছাউথ ব্লকে দোষীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ দাবী কৰে । বৈদেশিক মন্ত্ৰণালয়ে জনায় যে, ডেভিছ চহৰৰ স্থানীয় প্ৰশাসনৰ লগতে ছানফ্ৰান্সিস্ক’ত ভাৰতীয় কনছুলেট জেনেৰেলেও এই ঘটনাৰ তদন্ত কৰিব । ঘটনাটোৰ স’তে খলিস্তানপন্থী কোনো সংগঠন জড়িত থকা বুলি সন্দেহ কৰা হৈছে । বিশেষকৈ, কেলিফ’ৰ্ণিয়াৰ খালিস্তানপন্থী সংগঠনৰ ঘটনাটোৰ সন্দৰ্ভত সন্তোষজনক টুইটে সন্দেহ অধিক বৃদ্ধি কৰিছে ।

মূৰ্তি ভঙা ঘটনাত উদ্বিগ্ন স্থানীয় ইন্দো-আমেৰিকান সম্প্ৰদায় । তেওঁলোকৰ মন্তব্য, বিদ্বেষৰ বাবেই এই ঘটনা সংঘটিত কৰা হৈছে ।

আৰক্ষীয়ে জনায় যে, ২৭ জানুৱাৰীত পুৱাই চেণ্ট্ৰেল পাৰ্কৰ এজন কৰ্মীয়ে প্ৰথমে গান্ধী মূৰ্তিটো ভাঙি পৰি থকা প্ৰত্যক্ষ কৰে । ডেভিছ চহৰৰ কাউন্সিলমেন লুকাছ ফ্ৰেৰিক্সে জনায় যে, নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে ভঙা মূৰ্তিটো । কেতিয়া আৰু কিয় এই ঘটনা সংঘটিত কৰা হৈছে তাৰ তদন্ত কৰি আছে তদন্তকাৰীসকলে ।

গান্ধী মূৰ্তিটো ভাৰত চৰকাৰৰ উপহাৰ হিচাপে প্ৰেৰণ কৰা হৈছিল ডেভিছ চহৰলৈ । স্থানীয় চিটি কাউন্সিলে চাৰি বছৰ পূৰ্বে মূৰ্তিটো পাৰ্কত স্থাপন কৰে । সেই সময়ত ভাৰত বিৰোধী সংগঠন ‘অৰ্গেনাইজেছন ফৰ মাইন’ৰিটিছ ইন ইণ্ডিয়া’ (অএফএমআই)এ মূৰ্তি স্থাপনত চৰম বিৰোধিতা কৰিছিল । কিন্তু এই বিৰোধিতাক গুৰুত্ব দিয়া নাছিল স্থানীয় প্ৰশাসনে । তেতিয়াৰ পৰাই অএফএমআই-এ মূৰ্তি আঁতৰ কৰাত অটল থাকে ।

ফ্ৰেণ্ডছ অৱ ইণ্ডিয়া ছ’চাইটি ইণ্টাৰনেছনেল (ফিছি)ৰ গুৰুং দেশাইয়ে জনায় যে, বহুদিন ধৰি ভাৰত বিৰোধী আৰু হিন্দু বিৰোধী কিছু সংগঠন যেনে অএফএমআই আৰু খলিস্তানীসকলে বাৰে বাৰে বিদ্বেষৰ বাতাবৰণ সৃষ্টি কৰি আহিছে । বিদ্বেষমূলক মনোভাবৰ লগতে ভাৰতীয় আইকনসকলৰ বিৰুদ্ধে অপপ্ৰচাৰ, কেলিফ’ৰ্ণিয়াৰ পাঠ্যপুথিৰ পৰা ভাৰত সংক্ৰান্ত বিষয়সমূহ আঁতৰ কৰিবৰ বাবেও সক্ৰিয় এই সংগঠনবোৰ ।

হিন্দু-আমেৰিকান ফাউণ্ডেছন (হাফ)এই মূৰ্তি ভঙা ঘটনাক গৰিহণা দি হ’মলেণ্ড ছিকিঅ’ৰিটি আৰু এফবিআই তদন্তৰ দাবী জনায় । মূৰ্তিটোৰ মেৰামতি কৰি পূৰ্বৰ অৱস্থানত স্থাপন কৰাৰো দাবী কৰা হৈছে । বিগত বৰ্ষৰ ডিচেম্বৰটো ৱাশ্বিংটন ডিচিৰ ভাৰতীয় দূতাবাসৰ সন্মুখৰ গান্ধী মূৰ্তি ভাঙি চূৰমাৰ কৰিছিল খলিস্তানী সংগঠনে ।

Exit mobile version