ম্যানমাৰত সামাৰিক অভ্যুত্থান

Win Myint Aung San Suu Kyi AFP file photo

গণতন্ত্ৰক কবৰ দি ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ শাসনভাৰ হস্তগত কৰিলে সেনাই । দক্ষিণ এছিয়াৰ দেশখনৰ সেনাই সামৰিক পৰিচালিত টেলিভিছনত ঘোষণা কৰে যে ম্যানমাৰ সেনাই দেশৰ নিয়ন্ত্ৰণ হস্তগত কৰিছে আৰু এবছৰৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে ।

আজি নিচেই পুৱাৰ অভিযানত ম্যানমাৰৰ শাসকীয় নেত্ৰী অঙ্গ ছান ছ্যু কীক সেনাই আটক কৰে । লগতে ৰাষ্ট্ৰপতি উইন মীইণ্ট তথা শাসক দলৰ অন্য জ্যেষ্ঠ নেতৃবৰ্গক আটক কৰে । বিগত সপ্তাহত একাধিক কুটনীতিকে ম্যানমাৰত সম্ভাব্য সামাৰিক অভ্যুত্থানৰ বিষয়ে সকিয়াই দিছিল ।

Exit mobile version