কল্প-বিজ্ঞানত দেখাৰ দৰে অনতি পলমে দেশ-বিদেশৰ আকাশতাে উৰাজাহাজৰ দৰেই উৰি ফুৰিব যাত্রী কঢ়িয়াই নিয়া গাড়ীয়ে।মানুহৰ কল্পনাৰ এই ফ্লাইং কাৰ’ এতিয়া বাস্তৱত পৰিণত হৈছে। ইতিমধ্যেই কেবাখনাে উৰন্ত গাড়ী নির্মাণ প্রস্তুতি আৰম্ভ কৰিছে। তাৰ মাজতে এনে গাড়ীৰ বাবে ক্ষুদ্র বিমানকোঠ নির্মাণ হ’ল ব্রিটেইনত।প্রধানকৈ যানজট হ্রাস কৰাৰ লক্ষ্যৰেই উৰম্ভ গাড়ী নিৰ্মাণৰ ধাৰণাটো গ্ৰহণ কৰিছে একাধিক দেশে।
বিভিন্ন দেশ আৰু গাড়ী উৎপাদনকাৰী কোম্পানীয়ে অৱশ্যে উৰন্ত গাড়ী নির্মাণৰ ক্ষেত্ৰত পৰিৱেশ বান্ধৱ হােৱাৰ কথাও ভাবিছে। জাপান,শ্ল’ভাকিয়া, ৰাছিয়া আদি দেশে ইতিমধ্যে নিজা ব্যৱস্থাৰে বিদ্যুৎচালিত উৰন্ত গাড়ী নির্মাণৰ কাম প্রায় শেষ কৰি আনিছে। কিন্তু এই ক্ষেত্ৰত এটা প্রশ্ন ৰৈ গৈছিল। এই গাড়ীবােৰে কোনাে বিমানকোঠৰ পৰা উৰিব নে গৰাকীয়ে নিজৰ বাসগৃহৰ ছাদৰ পৰাই উৰাই নিব পাৰিব? অৱশ্যে এই ক্ষেত্ৰত সাজু হৈ উঠিছে ব্রিটেইন।
ইতিমধ্যেই ব্রিটেইনত নির্মাণ কৰা হৈছে এনে উৰন্ত গাড়ীৰ বিশেষ বিমানকোঠ। অহা নৱেম্বৰতে ব্রিটেইনৰ ক’ভেন্টী চহৰত মুকলি কৰা হ’ব এই বিমানকোঠটো। বিশ্বৰ এই সবাতােকৈ সৰু বিমানকোঠত অৱশ্যে বিমানৰ পৰিৱর্তে উঠা-নমা কৰিব কেৱল উৰন্ত গাড়ীয়েহে। ব্রিটেইনৰ ষ্টার্ট-আপ কোম্পানী ‘আৰবান এয়াৰপ’ৰ্টৰ স’তে এই প্রকল্পত অংশীদাৰ হৈছে দক্ষিণ কোৰিয়াৰ হুণ্ডাই মটৰ। তেওঁলােকে ১২ লাখ পাউণ্ডৰ চৰকাৰী অনুদানাে লাভ কৰিছে। ষ্টার্ট-আপ কোম্পানীটোৱে দাবী কৰিছে যে তেওঁলােকেই প্রথমে এই ধৰণৰ সম্পূর্ণ বিমানকোঠ নির্মাণ কৰিছে। ইয়াৰ নাম ৰখা হৈছে এয়াৰ-ৱান।
কোম্পানীটোৰ প্ৰতিষ্ঠাপক ৰিকি ছান্ধুৱে সংবাদ মাধ্যমৰ আগত কয়, ‘চৰকাৰী সাহায্য আৰু হুণ্ডাইয়ে কাষত থিয় দিয়াৰ বাবেই আজি আমি আত্মবিশ্বাসী হ’ব পাৰিছাে। ছান্ধুৱে লগতে জনায় যে যাত্রীবাহী ড্র’ণ বা পণ্যবাহী সৰু গাড়ীয়ে লেণ্ডিং পেডৰ পৰা কিদৰে উঠা-নমা কৰিব, সেই সকলাে ব্যৱস্থাই প্রায় সাজু হৈ উঠিছে। ছান্ধুৱে লগতে কয়, ‘দুই-তিনি বছৰ ধৰি উৰন্ত যান তৈয়াৰ কৰা বুলি বিভিন্ন দেশৰ পৰা খবৰ পাই আছিলাে।
কিন্তু ইয়াৰ বাবে যথাযথ বিমানকোঠক লৈ কোনাে কথাই কোনেও কোৱা নাছিল। ষ্টেচন অবিহনে মানুহে ৰেলঙ্কদৰে উঠা-নমা কৰিব? সহযােগী ভূমি আন্তঃগাঁথনিও সেয়ে অতি গুৰুত্বপূর্ণ। আমিয়েই নজিৰ সৃষ্টি কৰি দেখুৱাম পৃথিৱীক। উল্লেখ্য যে ইমানদিনে ফ্লাইং কাৰ বা উৰন্ত যান কেৱল কল্প-বিজ্ঞানৰে অংশ আছিল। যােৱা বছৰ নিজৰ উৰন্ত যান নির্মাণ কৰি এজন যাত্ৰীক লৈ সফল পৰীক্ষা সম্পন্ন কৰে জাপানৰ স্কাইড্রাইভ ইনকর্পোৰেচনে। তেওঁলােকে জনাইছে যে ২০২৩ ভিতৰতে এই উৰন্ত যান বজাৰলৈ আনিব।
শেদিৰে শ্ল’ভাকিয়াৰ এটা কোম্পানীয়ে বিগত ৩০ বছৰ ধৰি কঠো অধ্যাৱসায়ৰ অন্তত সম্প্রতি এখন ‘এয়াৰ কাৰ’ নির্মাণ কৰি উলিয়াইছে, যিখন গাড়ী চকুৰ নিমিষতে পৰিৱর্তিত হ’ব পাৰে বিমানলৈ। ইয়াৰ মাজতে বিমানকোঠৰ খবৰ জনালে ব্রিটেইনে। এখন ‘পপ-আপ’ জাতীয় গাড়ীকোঠ, য’ত থাকিব সৰু ৰাণৱে’ আৰু ১৪ মিটাৰ ব্যাসার্ধৰ লেণ্ডিং পেড। গাড়ী এখনে আকাশৰ পৰা নামি পেডত স্পর্শ কৰিলেই স্বয়ংক্রিয়ভাৱে প্রৱেশ কৰিব বিমানকোঠৰ ভিতৰত। প্রয়ােজন সাপেক্ষে আন ঠাইলৈ স্থানান্তৰ কৰিব পৰাকৈ কভেন্ট্রী চহৰৰ প্রাণকেন্দ্ৰত এই ভ্রাম্যমাণ বিমানকোঠ নির্মাণ কৰা হৈছে।