কোন হ’ব আমাজনৰ পৰৱৰ্তী চিইঅ’ ?

Amazon EU antitrust European Commission

বৰ্ষৰ অন্তত শীৰ্ষপদ পৰিৱৰ্তন হ’ব আমাজনৰ । বৰ্তমানৰ চিইঅ’ জেফ বেজ’ছৰ পদত বহিব ‌এণ্ডি জেছি । আমাজনৰ ভাবী কৰ্তা এণ্ডিৰ সম্পৰ্কে বহু তথ্যই সাধাৰণ লোকে নাজানে । তথ্য অনুসৰি, জেছি এজন আমেৰিকান ব্যৱসায়ী । ২০২০ৰ নৱেম্বৰ লৈকে তেওঁৰ মুঠ সম্পত্তিৰ মূল্য আছিল ৩৭.৭ কোটি মাৰ্কিন ডলাৰ । আমাজনৰ ভাবী কৰ্তাগৰাকী ফেশ্বন ডিজাইনাৰ পত্নী আৰু দুই সন্তানৰ স’তে ছিয়াটেলত বাস কৰে ।

১৯৯৭ৰ পৰা আমাজনৰ স’তে জড়িত জেছি । কেৰিয়াৰৰ আৰম্ভণিত বিপনী ব্যৱস্থাপক পদত কাম আৰম্ভ কৰিছিল তেওঁ । অতিশীঘ্ৰে সংস্থাৰ প্ৰযুক্তিগত ভাৰ গ্ৰহণ কৰে জেছিয়ে । আমাজন ৱেব ছাৰ্ভিছ বিভাগৰ নতুন কাম তেঁৱে আৰম্ভ কৰে । তেওঁৰ ‌নেতৃত্বতে আমাজন ৱেব ছাৰ্ভিছে এতিয়া পাঁচ হেজাৰ কোটি ডলাৰৰ ব্যৱসায় দিয়ে প্ৰতি বছৰে ।

৫৩ বছৰীয়া জেছি হাৰ্ভাৰ্ড বিজনেছ স্কুলৰ ছাত্ৰ আছিল । এক সাক্ষাৎকাৰত জেছিয়ে কয়, ‘বিজনেছ স্কুলৰ চূড়ান্ত পৰীক্ষা সমাপ্ত হোৱাৰ তিনিদিন পাছতে আমাজানত যোগ দিবলগীয়া হৈছিল । তেতিয়াও গম পোৱা নাছিলো মই কি কাম কৰিব লাগিব, কি পদৰ দায়িত্ব দিব । ১৯৯৭ ৰ মে’ৰ এটা শুক্ৰবাৰত পৰীক্ষা সমাপ্ত হৈছিল আৰু সোমবাৰে আমাজনত যোগ দিছিলো । কিয় নাজানো, আমাজনৰ তৰফৰ পৰা জনায় দিয়া হৈছিল সিদিনাখনৰ পৰাই সংস্থাটোত যোগ দিব লাগিব ।’

ইয়াৰ প্ৰায় ন বছৰৰ পাছত ২০০৬ত আমাজনৰ ৱেব ছাৰ্ভিছ আৰম্ভ কৰে জেছিয়ে । ৫৭ জনীয়া দলৰ স’তে আমাজনৰ প্ৰযুক্তিগত ৰূপেই পৰিৱৰ্তন কৰি দিয়ে তেওঁ । কিদৰে আমাজনে প্ৰযুক্তি ক্ৰয় কৰিব, ক্লাউড কম্পিউটিঙৰ জৰিয়তে কিদৰে কাম কৰিব এই সকলোবোৰ । দ্ৰুত ফলাফলো পোৱা যায় । ক্ৰমশঃ অমাজনৰ ৱেব ছাৰ্ভিছৰ ব্যৱসায় বৃদ্ধি পায় ।

জেছিয়ে মত প্ৰকাশ কৰে যে, দীৰ্ঘম্যাদী সাফল্য লাভ কৰিবলৈ হ’লে পুনৰ্বিন্যাস প্ৰয়োজনীয় । কামৰ বাহিৰে প্ৰচাৰৰ পৰা আঁতৰি থাকিয়ে ভাল পায় জেছিয়ে । খেলা-ধূলাটো যথেষ্ট ৰুচি আছে জেছিৰ । দুটা আন্তৰ্জাতিক হকি দলৰো সদস্য তেওঁ । স্বৰচিত সংগীত প্ৰেমিও । সামাজিক বিষয়ভোৰতো সক্ৰিয় । সামাজিক মাধ্যমত কৃষ্ণাংগ মহিলাৰ ওপৰত শ্বেতাংগ পুলিচৰ অত্যাচাৰৰ ঘটনাক প্ৰতিবাদ কৰিছিল, সমকামীসকলৰ প্ৰতি থকা বৈষম্যৰ বিষয়তো সৰব তেওঁ ।

Exit mobile version