উত্তৰ প্ৰদেশৰ ৰামপুৰত মৃত কৃষকৰ পৰিয়ালক লগ কৰিবলৈ গৈ দুৰ্ঘটনাৰ সন্মূখীন হয় প্ৰিয়ংকা গান্ধী

priyankagandhiaccident 1612411393

দুৰ্ঘটনাত তেওঁৰ চালকজন আঘাতপ্ৰাপ্ত হয়। লগতে তেঁওৰ তিনিখনকৈ গাড়ী ভাঙি চুৰমাৰ হয় । তথ্য অনুসৰি এটা ডাঙৰ দুৰ্ঘটনাৰ পৰা অলপতে প্ৰাণ ৰক্ষা পৰিল প্ৰিয়ংকাৰ।

ত্ৰিভুৱন সিঙে ২৬ জানুৱাৰীত গাজিপুৰ সীমান্তত এটা পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল। কংগ্ৰেছে মৃত কৃষকৰ পৰিয়ালক দুই লাখ টকা দিবলৈ সিদ্ধান্ত লয়। পুৱা প্ৰিয়ংকাই সেই উদ্দেশ্যৰে ৰামপুৰলৈ ৰাওনা হৈছিল। তেওঁৰ স’তে কমেও ১৫ খন গাড়ী গৈ আছিল। কুঁৱলীৰ ফলত তেওঁৰ গাড়ীৰ গ্লাচ ধোঁৱা হৈ পৰিছিল। ৱাইপাৰৰ পানীও ইতিমধ্যে শেষ হৈ গৈছেল ।

প্ৰিয়ংকাৰ গাড়ীখনৰ চালকজনক দুৰ্ঘটনাৰ পৰা পৰিহাৰ কৰিবলৈ হঠাতে ব্ৰেক মাৰিবলৈ বাধ্য হৈছিল আৰু এই ঘটনাৰ বাবে সাজু নাছিল পিছফালৰ গাড়ীৰ চালক । নিয়ন্ত্ৰণ কৰিবলৈ অক্ষম হৈ পিছফালৰ গাড়ীখনে প্ৰিয়ংকাৰ গাড়ীখনত খুন্দা মাৰে। একে সময়তে তিনি-চাৰিখন গাড়ী খুন্দা মাৰি ক্ষতিগ্ৰস্ত হয়।

প্ৰিয়ংকাই চিট বেল্ট পিন্ধি থকাৰ বাবেই এটা ডাঙৰ দুৰ্ঘটনাৰ পৰা প্ৰাণ ৰক্ষা পৰিল । গাড়ীখনৰ চালকজনে ঘাইপথত হঠাৎ ব্ৰেক মাৰি গাড়ীখন বিপৰীত দিশত নিব পাৰিলে হয়, দক্ষতাৰে ইয়াক পৰিহাৰ কৰিব পাৰিলে হয় । অন্তিম প্ৰতিবেদন অনুসৰি, প্ৰিয়ংকাই ক্ষতিগ্ৰস্ত গাড়ীবোৰ এৰি পুনৰ ৰামপুৰলৈ ৰাওনা হয়।

Exit mobile version