কৃষি আইনক সমৰ্থন কৰি ভাৰত চৰকাৰ স’তে থিয় দিছে আমেৰিকাই, মধ্যপন্থা ব্ৰিটেইনৰ

Indiafarmersprotest6

কৃষক আন্দোলনৰ বাবে ভাৰত দ্বি-বিভক্ত হৈ থকাৰ সময়তে আন্তৰ্জাতিক স্তৰত ভাৰত চৰকাৰৰ স’তে থিয় দিলে আমেৰিকাই । মধ্যপন্থা গ্ৰহণ কৰিলে ব্ৰিটেইনে ।

কালি আমেৰিকাৰ গৃহমন্ত্ৰণালয়ৰ এজন মুখপাত্ৰই জনায়, ‘শান্তিপূৰ্ণ আন্দোলন উন্নত গণতন্ত্ৰৰ পৰিচয় । কৃষি আইনক লৈ ভাৰত চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে ইয়াৰ ফলত ভাৰতৰ অৰ্থনীতিয়ে উন্নত হ’ব । লগতে বৈদেশিক বিনিয়োগৰ পথো মুকলি হ’ব ভাৰতত ।’ এই বক্তব্যৰ জৰিয়তে জ’ বাইডেন প্ৰশাসনে স্পষ্ট কৰি দিছে যে, ভাৰত চৰকাৰে কৃষিক্ষেত্ৰত যি সংস্কৰণ আনিছে সেয়া কৃষকৰ স্বাৰ্থতেই । এই সংস্কাৰৰ ফলত কৃষকসকল লাভান্বিত হ’ব বুলি দাবী কৰে আমেৰিকাই ।

আমেৰিকাই ভাৰতৰ স’তে থিয় দিলেও কিন্তু ব্ৰিটেইনে মধ্যপন্থা নীতি অৱলম্বন কৰিছে । বিষয়টো সন্দৰ্ভত ব্ৰিটেইনৰ সদনত এখন বিতৰ্কসভাৰ আয়োজন কৰিব বৰিছ জনছন প্ৰশাসনে । সূত্ৰ অনুসৰি, জনমতৰ ওপৰত ভিত্তি কৰিয়ে বিষয়টো সন্দৰ্ভত তেওঁলোকৰ অৱস্থান জনাব ।

বাইডেন প্ৰশাসন ভাৰত চৰকাৰৰ স’তে থাকিলেও কৃষক আন্দোলনক লৈ আমেৰিকাত যি দ্বিমত সৃষ্টি হৈছে, সেয়া এজন কংগ্ৰেছ সদস্যৰ কথাত স্পষ্ট পৰিলক্ষিত । কংগ্ৰেছ সদস্য হেলি ষ্টিভেন্সে কয়, ‘ভাৰতৰ কৃষক আন্দোলনৰ বিৰুদ্ধে যি পদক্ষেপ গ্ৰহণ কৰাৰ খবৰ লাভ কৰিছো, সেইটোক লৈ অতি উদ্বিগ্ন । মোদী চৰকাৰে উচিত আন্দোলনকাৰীসকলৰ স’তে বৈঠকত মিলিত হৈ সদৰ্থক পথ ওলিয়াব লাগে ।’ তেওঁ লগতে কয় যে, সমগ্ৰ পৰিস্থিতিটো পৰ্যৱেক্ষণ কৰি আছে তেওঁ । বিষয়টোক লৈ এটা জনমত গঢ়ি তোলাৰ ব্যৱস্থা কৰা হৈছে বুলিও জনায় তেওঁ ।

https://twitter.com/meenaharris/status/1356747965713371138?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1356747965713371138%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Fworld%2Fus-backs-the-steps-of-modi-govt-on-farm-bills-dgtl%2Fcid%2F1264813

কংগ্ৰেছৰ আন এজন সদস্য ইলহান অমৰে কৃষকসকলক সমৰ্থন কৰি কয়, ‘ভাৰতত গণতান্ত্ৰিক অধিকাৰ ৰক্ষা কৰা প্ৰয়োজন । কি হৈ আছে সকলোৰে আগত দাঙি ধৰা উচিত । যিদৰে ইণ্টাৰনেট বন্ধ কৰি দিয়া হৈছে, সাংবাদিকসকলক আটক কৰা হৈছে, সেইটো সঁচাই উদ্বিগ্নৰ বিষয় ।’ হেলি আৰু ইলহানৰ দৰে আমেৰিকাৰ বহু নেতাই কৃষক আন্দোলনৰ পক্ষত মত পোষণ কৰিছে । আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছৰ ভতিজি মীনা হেৰিছেও‌ কৃষক আন্দোলনক সমৰ্থন কৰিছে ।

কংগ্ৰেছ সদস্যসকলে বিৰোধিতা কৰিলেও আমেৰিকাৰ বৃহৎ আন্তৰ্জাতিক অৰ্থ ন্যাস (আইএমএফ)এ কৃষিক লৈ মোদী চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক পূৰ্বেই স্বাগত জনাইছে । যোৱা মাহত আইএমএফৰ এজন শীৰ্ষ অধিকাৰী গেৰি ৰাইছে কয়, ‘আমাৰ দৃঢ় বিশ্বাস নতুন কৃষি আইন ভাৰতৰ কৃষিক্ষেত্ৰত এক যুগান্তকাৰী সংস্কাৰ । এই আইন কাৰ্যকৰী হ’লে কৃষকসকলেই উপকৃত হ’ব ।’

কৃষি আইন সন্দৰ্ভত বৰ্তমানেও অচলাৱস্থা সমাধা হোৱা নাই । অধিক তীব্ৰ আৰু বৃহত্তৰ আন্দোলনত নমাৰ প্ৰস্তুতি চলাইছে কৃষক সংগঠনবোৰে । তেওঁলোকৰ দাবী আইন প্ৰত্যাহাৰ নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব । কৃষি আইন সন্দৰ্ভত সম্প্ৰতি পপ তাৰকা ৰিহানাই টুইট কৰিছে । তেওঁৰ টুইটে সম্প্ৰতি বিতৰ্ক আৰম্ভ কৰিছে । লগতে গ্ৰেটা থুনবাৰ্গ আৰু মিয়া খালিফাও কৃষি আইন সন্দৰ্ভত টুইট কৰিছে । চৰকাৰৰ সমৰ্থনত টুইট কৰিছে বলীউডৰ কুইন কংগনা ৰণাৱতেও ।

Exit mobile version