মধ্যবিত্তৰ মূৰত মাধ মাৰ‌, এলপিজিৰ মূল্য বৃদ্ধি

lpg cylinder delivery 1603689603

পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ লগতে বৃদ্ধি হ’ল ৰন্ধন গেছৰো মূল্য । ২৫ টকা বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য । আন্তৰ্জাতিক বজাৰত অপৰিশোধিত তেলৰ মূল্য আৰু গেছৰ মূল্যৰ ওপৰত ভিত্তি কৰি স্থিৰ কৰা হয় ভাৰতীয় বজাৰত এলপিজিৰ মূল্য ।

ডলাৰৰ তুলনাত টকাৰ বিনিময় মূল্য বিশ্লেষণ কৰি ভাৰতত তেল আৰু গেছৰ মূল্য নিৰ্ধাৰণ কৰে চাৰিটা ৰাষ্ট্ৰীয় সংস্থা ইণ্ডিয়ান অইল, হিন্দুস্তান পেট্ৰোলিয়াম, ভাৰত পেট্ৰোলিয়াম আৰু অইল ইণ্ডিয়া লিমিটেডে । আজি এই চাৰিটা সংস্থাই সকলোবোৰ সূচক বিশ্লেষণ কৰি নতুন মূল্য নিৰ্ধাৰণ কৰিছে ।

নতুন সিদ্ধান্ত অনুযায়ী ভৰ্তুকিহীন ১৪.২ কেজি চিলিণ্ডাৰৰ মূল্য ২৫ টকা বৃদ্ধি পাইছে ।

ভৰ্তুকিহীন চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে । মধ্যবিত্তসকলে দিব লাগিব বৰ্ধিত চিলিণ্ডাৰৰ মূল্য । পূৰ্বে ভৰ্তুকি হিচাপে বেংক একাউণ্টত যি টকা জমা হৈছিল সেয়া এতিয়াও জমা হৈ থাকিব ।

Exit mobile version