চখ পূৰণ কৰিবলৈ গৈ কপাল ফুটা কৰি হীৰাৰ টুকুৰা লগালে আমেৰিকাৰ এগৰাকী ৰেপাৰে

5138f25501f6de5abd81edb7da565ee3

আমেৰিকান লিল উজি বৰ্ট নামৰ এজন ৰেপাৰে নিজৰ চখ পূৰণ কৰিবলৈ গৈ কপাল ফুটা কৰি ফুটৰ অঁকাৰত লগাইছে গুলপীয়া হীৰাৰ টুকুৰা। ১১ কেৰেটৰ এই হীৰাৰ টুকুৰাটোৰ মূল্য প্ৰায় ১৭৪ কোটি, ৯৯ লাখ, ৮৪ হেজাৰ টকাৰ ।

লিল উজি বৰ্টৰ কপালত লগোৱা গুলপীয়া হীৰাৰ টুকুৰা ডিজাইনৰ কৰোৱা হৈছে বিখ্যাত কোম্পানী ইলিয়টৰ দ্বাৰা ।লিল উজি বৰ্টয়ে ইতিমধ্যে তেওঁৰ কপালত লগোৱা হীৰাৰ টুকুৰা স’তে ফটো তুলি তেওঁৰ নিজৰ ছ’চিয়েল মিডিয়াৰ একাউন্টৰ যুগে শ্বেয়াৰ কৰিছে ।

লগতে অতি সোনকালে কপালত ফুটা কৰি হীৰা লগোৱাৰ ভিডিঅ’ শ্বেয়াৰ কৰিব বুলি জনাইছে ৰেপাৰগৰাকীয়ে। হীৰা টুকুৰা কপালত লগোৱাৰ ওপৰত তেওঁৰ মন্তব্য এয়া তেওঁৰ এটা অপূৰণীয় চখ আছিল। এই চখৰ বাবে ২০১৭ চনৰ পৰা হীৰা টুকুৰাৰ বাবে তেওঁ মূল্য আদায় দি আছিল আৰু অৱশেষত ২০২১ বৰ্ষত মূল্য আদায় দিয়া শেষ হয় আৰু তাৰ পিছতে তেওঁ হীৰা টুকুৰা কপালত লগাই লয়।

তেওঁৰ এগৰাকী অনুৰাগীয়ে হীৰা টুকুৰাৰ মূল্য সোধাত তেওঁ উত্তৰত কয় তেওঁৰ সকলো ঘৰ আৰু গাড়ীৰৰ মূ্ল্যতকৈও অধিক এই হীৰাৰ মূল্য। ৰেপাৰগৰাকীক তেওঁ বহু অনুৰাগীয়ে হীৰাৰ সন্দৰ্ভত বিভিন্ন মতামত দিছে ইয়াৰে এগৰাকী অনুৰাগীয়ে তেওঁক চোৰৰ পৰা সাৱধানে থাকিবলৈও পৰামৰ্শ আগবঢ়াইছে।

Exit mobile version