যোগৰ উপকাৰীতা

Yoga Weight Loss Feature Image1

যোগ হৈছে এনে এক পদ্ধতি, যি পদ্ধতিৰ দ্বাৰা মানৱ শৰীৰৰ আভ্যন্তৰীণ ক্ষমতা সমূহক বিকাশ ঘটাব পাৰে। যোগৰ দ্বাৰা আত্মউপলব্ধি অৰ্জন কৰিবলৈ সক্ষম হয়

★যোগাসনৰ ফলত আমাৰ নিষ্ক্ৰিয় গ্ৰন্থিসমূহ সক্ৰিয় হৈ উঠে আৰু সোনকালে বয়সৰ ছাপ নপৰে।

★ইয়ে আমাৰ পেটৰ ভিতৰৰ বিভিন্ন কাৰ্য সম্পাদন সহজ কৰি তোলে আৰু পাচনতন্ত্ৰক পুষ্ট কৰে।

★যোগাসনে মেৰুদণ্ড আৰু ৰাজহাড় শক্তিশালী কৰি হেৰুওৱা শক্তি ঘূৰাই পোৱাত সহায় কৰে।

★যোগাসনে আমাৰ মাংসপেশীক শক্তিশালী কৰি তোলে আৰু মেদবহুলতা ৰোধ কৰে। দুৰ্বল-পাতল ব্যক্তিক শক্তিশালী কৰি তোলে।

★মহিলাৰ সুস্থ শৰীৰৰ বাবে ই অতি উপকাৰী। যোগাসনে নাৰীৰ সৌন্দৰ্য ধৰি ৰাখে। সুগঢ়ী কৰি তোলে।

★যোগাসনে বুদ্ধিৰ বিকাশ ঘটায় আৰু স্মৃতিশক্তিৰো বিকাশ কৰে।

★সুস্থ শৰীৰৰ বাবে যোগাসন আশীৰ্বাদস্বৰূপ। ই ৰক্ত সঞ্চালনাত সহায় কৰে আৰু মনক স্থিৰতা প্ৰদান কৰে।

★শ্বাস-প্ৰশ্বাসৰ বাবেও ই উপকাৰী। ই খাদ্যাভাসতো প্ৰভাৱ পেলায়।

★নিতৌ যোগাসন কৰিলে মনৰ অশান্তি দূৰ হয় আৰু টোপনি ভাল হয়।

★ই ৰক্তচাপৰ শংকা দূৰ কৰে। মধুমেহ ৰোগীৰ বাবে যোগাসন অতি উপকাৰী।

★ই শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে আৰু ঔষধৰ নিৰ্ভৰশীলতা কমাই আনে।

★যোগাসনৰ ফলত দৃষ্টিশক্তি বৃদ্ধি পায়।

★শাৰীৰিক, মানসিক, বৌদ্ধিক, আত্মিক সকলো দিশৰ ই বিকাশ সাধন কৰে।

Exit mobile version