কৃষক আন্দোলনৰ সন্দৰ্ভত কি ক’লে মহাতাৰকা ছলমানে ?

maxresdefault 1

দিল্লীৰ কৃষক আন্দোলনক লৈ বলিউডৰ তাৰকাসকলে মিশ্রিত প্রতিক্রিয়া প্ৰকাশ কৰিলে। ইতিমধ্যে কৃষক আন্দোলনক লৈ কার্যত দুভাগত বিভক্ত হ’ল বলিউডৰ চলচ্চিত্র জগত।

মহাতাৰকা অভিনেতা অক্ষয় কুমাৰ, অজয় দেৱগন, সুনীল ছেত্রী, অভিনেত্রী কংগনা ৰণৌট, সংগীত শিল্পী লতা মংগেশকাৰ আদিয়ে চৰকাৰৰ পক্ষত থিয় দিয়াৰ বিপৰীতে অভিনেত্রী তাপসী পদ্ম, স্বৰা ভাস্কৰ, কংকনা সেন শর্মা আদিয়ে কৃষকৰ পক্ষত মত প্ৰকাশ কৰিছে।

অৱশেষত ইমানদিনে এই আন্দোলনৰ সন্দৰ্ভত মৌন হৈ থকা বলিউডৰ মহাতাৰকা অভিনেতা ছলমান খানেও নিজৰ প্রতিক্রিয়া প্রকাশ কৰিলে। কৃষক আন্দোলন আৰু চৰকাৰৰ স্থিতিৰ প্রতি লক্ষ্য ৰাখি এই পৰিস্থিতিত মধ্যমপন্থা অৱলম্বন কৰিলে বলিউডৰ এইজন অভিনেতাই।

কৃষক আন্দোলনৰ প্ৰসংগত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ দি ছলমানে কয় যে যি সিদ্ধান্ত গ্রহণ কৰিলে সকলােৰে ভাল হ’ব, সেই সিদ্ধান্ত লােৱা উচিত। এই মন্তব্যৰে ছলমানে কৃষকৰ আন্দোলনৰ প্ৰসংগত কৌশলী স্থিতি গ্রহণ কৰিলে।

Exit mobile version