প্ৰকাশ পালে ৰিৰি’ গীতটিৰ ভিডিঅ’

ভিডিঅ'টো ৰিহানাক সমৰ্পিত কৰিলে দিলজিৎ দোচাঞ্জে

প্ৰকাশ পালে ৰিৰি’ গীতটিৰ ভিডিঅ’ আমেৰিকাৰ পপ গায়িকা ৰিহানাক সমৰ্পিত কৰি ভিডিঅ’টো প’ষ্ট কৰিলে পাঞ্জাৱী চুপাৰষ্টাৰ দিলজিৎ দোচাঞ্জে ।

দিলজিতৰ ভিডিঅ’টোৱে ছয় ঘণ্টাৰ ভিতৰত প্ৰায় দুই লাখ লোকৰ হৃদয় জয় কৰিছে। ভিডিঅ’টো প্ৰায় সাত লাখ মানুহে প্ৰত্যক্ষ কৰিছে। ‘ৰিৰি’ গানটোৰ অডিঅ’ ইতিমধ্যে ইউটিউবত মুকলি কৰা হৈছে ।

গায়ক আৰু অভিনেতা দিলজিৎ দোচাঞ্জে শনিবাৰে তেওঁৰ ছ’চিয়েল মিডিয়াত গানটোৰ এটা ভিডিঅ’ প’ষ্ট কৰিছিল । সম্পূৰ্ণ গানটোত তেওঁ ৰিহানাক প্ৰশংসা কৰা দেখা গ’ল।

আমেৰিকাযুক্ত পপ তাৰকা ৰিহানাই মংগলবাৰে টুইটাৰযুগে ভাৰতৰ কৃষক আন্দোলনৰ বিষয়ে মাত মাতিছিল । বিভিন্নজনে ৰিহানাক বিৰোধীতা কৰিছিল যদিও দিলজিতৰ দৰেই বহুতো তাৰকা ৰিহানাৰ বাবে থিয় হৈ আছে । দিলজিৎ দোচাঞ্জে গোৱা গীতটিত ৰিহানাক পৰিৰ স’তে তুলনা কৰা হৈছে।

গীতটো লিখিছে ৰাজ ৰঞ্জোধৰে । গীতটিত সুৰ দিছে বিশ্বখ্যাত সুৰকাৰ ইন্টেন্স । ভিডিঅ’টোত ব্যৱহাৰ কৰা হৈছে ৰিহানাৰ কিছুমান পুৰণি ভিডিঅ’ ক্লিপ । গীতটি অনুৰাগীসকলে প্ৰশংসাৰে উপচাই পেলাইছে ।

Exit mobile version