সামাজিক মাধ্যমৰ উৎপাতক লৈ প্রায়েই অভিযোগ কৰে তাৰকাসকলে। ফটো চিকাৰীয়ে প্রতি ক্ষণতে বলিউদৰ তাৰকাসকলক দৃষ্টিত ৰাখে। তেওঁলোক ক’লৈ গৈছে, কি কৰিছে, কাৰ স’তে দেখা গৈছে আদি সকলোবোৰ নিৰীক্ষণ কৰি থাকে। সেয়া যে বহুতৰে পছন্দ নহয়, এই কথা বলিউদৰ তাৰকাসকলে প্রায়েই কয়।
এই প্রসংগতে সম্প্রতি মন্তব্য কৰিছে অভিনেত্রী প্রীতি জিন্টাই। একাধিক সাক্ষাৎকাৰত অভিনেত্রী তথা ৰাজ্যসভাৰ সাংসদ জয়া বচ্চনে স্পষ্ট ৰূপত জনাইছিল যে ফটো তুলিবলৈ হ’লে প্রথমে অনুমতি লোৱা প্রয়োজন। একেই মত প্রকাশ কৰিছে প্রীতিয়েও।
অথচ ‘পাপাৰাৎজ্জি সংস্কৃতি’ত প্রায়েই তাৰকাসকলে গমেই নাপায় যে তেওঁলোকৰ ফটো তোলা হৈছে। প্রায়েই নায়ক-নায়িকাৰ জিমৰ বাহিৰতো ফটো চিকাৰীক দেখা যায়।
তেওঁলোকে কেমেৰা পোন কৰি ৰৈ থাকে। সম্প্ৰতি সামাজিক মাধ্যমত প্রীতিয়ে লিখিছে, ‘মোক ইমান ভালপোৱা দিয়াৰ বাবে ঈশ্বৰক ধন্যবাদ। কোনোবাই মোৰ লগত ফটো তুলিবলৈ আহিলে, কেতিয়াও না নকৰো; কিন্তু নজনোৱাকৈ মোৰ সন্তানসকলৰ ফটো তুলিলে বা মোৰ জিমৰ সন্মুখত থিয় হৈ থাকিলে, কেতিয়াবা গোপনে ঘৰৰ ভিতৰৰ ফটো তোলা হ’লে- সেইবোৰে মোৰ অত্যন্ত বিৰক্ত কৰে। অনুমতি নোলোৱাকৈ ফটো তুলিলে মই অতি বিৰক্ত হওঁ।’
প্রীতিয়ে লগতে জনায় যে তেওঁ এতিয়ালৈকে যি যি পাইছে, তাক লৈ বৰ সুখী। অভিযোগ কৰাৰ কোনো ঠাই নাই। সেয়ে অভিনেত্ৰীগৰাকীয়ে আহ্বান জনাইছে যে তেওঁৰ অনুমতি লৈহে যাতে কোনোবাই ফটো তোলে। উল্লেখ্য যে আইপিএলৰ দল পঞ্জাৱ কিংছৰ মালিকনী প্রীতিয়ে বহু বছৰ ছবিত অভিনয় কৰা নাছিল। অৱশ্যে শীঘ্রে মুক্তি পাবলগীয়া ‘লাহোৰ ১৯৪৭’ ছবিত তেওঁক ছানী দেউলৰ স’তে দেখা যাব।





























