স্মাৰ্ট চিটিৰ ফোপোলা স্বৰূপ

22 বছৰে মাদাৰ টেৰেচা পথত নাই চিটি বাছৰ চলাচল

WhatsApp Image 2021 02 05 at 8.33.59 PM

যি সময়ত মহানগৰীক উত্তৰ পূৰ্বাঞ্চলেই নহয় দক্ষিণ-পূৱ এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ়ি তুলিব বুলি ৰাজ্য চৰকাৰখনে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ঘোষণা অব্যাহত ৰাখিছে । তেনে সময়ত মহানগৰীৰ এটি অতি গুৰুত্বপূৰ্ণ সমষ্টিত যোৱা 22টা বছৰ ধৰি চিটি বাছ চলাচল নোহোৱাত ৰাজ্য চৰকাৰৰ লগতে পৰিবহন বিভাগৰ নগ্ন স্বৰূপ ওলাই পৰিছে ।

জানিব পৰা মতে, বৃহত্তৰ সমষ্টিটোৰ মদাৰ টেৰচা পথত ১৯৯৯ত ৪ নং চিটি বাছৰ চলাচল হৈচিল, তাৰ পাছৰ পৰা যোৱা 22টা বছৰে বৃহত্তৰ অঞ্চলটোত চিটি বাছৰ চলাচল নোহোৱাত গীতানগৰ, পূৱ গীতানগৰ, অময়াপুৰ, হৰিপুৰ, শিৱনগৰ, শান্তি নগৰ, জোনাকী নগৰ আদি অঞ্চলৰ ৰাইজৰ পানীত হাঁহ নচৰাৰ দৰে অৱস্থা হৈছে ।

যাৰ অচিলা লৈ অ’ট’ ৰিক্সাই অধিক হাৰত ভাড়া লৈ ৰাইজক চৰম হাৰাশাস্তি কৰা অভিযোগ তুলিছে ৰাইজে । প্ৰতি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছ আৰু বিজেপিৰ সমষ্টিটোৰ বিধায়কদ্বয় অকণ বৰা আৰু অতুল বৰাই বৃহত্তৰ অঞ্চলটোৰ চিৰকলীয়া এই সমস্যাটি প্ৰতিবাৰে সমাধানৰ প্ৰতিশ্ৰুতি দি আহে যদিও মুৰকত বিধায়কদ্বয়ৰ ওলোটা খৰে অঞ্চলটিক এইদৰে বছৰ বছৰ জুৰি দুৰ্ভোগ ভোগাই আহিছে বুলি অভিযোগ কৰে অঞ্চলটোৰ ইয়ং ষ্টাৰ ক্লাব, জু নাৰেংগী ছাত্ৰ সন্থা, মঠঘৰীয়া শাখা সাহিত্য সভা, গীতালি মহিলা সমিতি আদি বিভিন্ন সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানে ।

উপায়য়ন্তৰ হৈ অঞ্চলটোৰ ৰাইজে নুনমাটিৰ ৰেল লাইনৰ পথেৰে চমু বাট কাটি নুনমাটি বাছ আস্থানত বাছ ধৰিবলগা হয় বুলি জানিবলৈ দিয়ে অঞ্চলবাসীয়ে । কেতিয়াবা সময়ৰ অভাৱত ৰৈ থকা ৰেলৰ তলেৰে জিউটো টোপোলাত বান্ধি চলাচল কৰিব লগা হয় বুলি দুৰ্ভগীয়া ৰাইজে সদৰী কৰে।

প্ৰণিধানযোগ্য যে ২০১৬ত সাতগাঁৱৰ পৰা মাদাৰ টেৰেচা পথ হৈ পুনৰ চিটি বাছ সেৱা প্ৰৱৰ্তন কৰা হ’ব বুলি পৰিবহন বিভাগে ঘোষণা কৰিছিল যদিও সেই ঘোষণা, ঘোষণা হৈয়ে থাকিল বুলি অঞ্চলবাসীয়ে ক্ষোভ উজাৰে । সেয়ে অতি শীঘ্ৰে চিটি বাছ সেৱাৰ প্ৰবৰ্তন কৰিবলৈ দাবী জনায় অঞ্চলবাসীয়ে । অন্যথা সমাগত নিৰ্বাচনত এইবাৰ উচিত প্ৰত্যুত্তৰ পাব বুলি মন্তব্য কৰে বৃহত্তৰ অঞ্চলটোৰ একাংশ সচেতন ৰাইজে ।

Exit mobile version