অসমৰে এখন গাঁও য’ত বৰ্তমানলৈকে নাই বিজুলী বাতি নাই বিশুদ্ধ খোৱা পানীও

অসম-মেঘালয় সীমান্তৱৰ্তী হাহিমৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত্বত আছে এখন পাহাৰ ।সমতলভূমিৰ পৰা অতি দূৰ্গম স্থানত পাহাৰখনৰ অৱস্থিতি। ওখ ঠিয় আৰু শিলাময় পাহাৰীয়া দূৰ্গম প্ৰায় দুই তিনি ঘণ্টাৰ পথ পাহাৰখনলৈ।পাহাৰখনৰ বুকুত আছে চোমাৰাং নামৰ গাৰো অধ্যুষিত গাঁওখন। ক্ষোভত চোমাৰাঙ বাসীয়ে উচুপিছে, কান্দিছে। বুঢ়া-বুঢ়ী,ডেকা গাভৰু,জীয়ৰি বোৱাৰীহতে হাতে হাতে ফেষ্টুন লৈ চৰকাৰ বিৰোধী শ্লোগান দিছে ।

প্ৰতিবাদকাৰী চোমাৰাঙৰ গাঁওবুঢ়া মাৰ্ফিআচ এন চাংমাৰ সহতে গাঁওখনৰ উদীয়মান যুৱক‌ মানচেং আৰ মাৰাকে সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰখনৰ হুংকাৰ প্ৰদান কৰি কয়, চৰকাৰে আমাক আকোৱালী লওক অন্যথা আমি মেঘালয়ত চামিল হম। প্ৰতিবাদকাৰী সকলৰ মন্তব্য স্বাধীনতাৰ ২১ শতিকাতো অসমৰ এই গাওখনত নাই বাট পথ,নাই চৰকাৰী আৱাস,নাই বিজুলী বাতিৰ সংযোগ,নাই বিশুদ্ধ খোৱা পানীৰ আঁচনি, নাই শিক্ষানুষ্ঠান,নাই স্বাস্থ্য কেন্দ্ৰ। অসম চৰকাৰে আমাক মাহী আইৰ দৃষ্টিৰে চাই আছে বুলিও উল্লেখ গাঁও গাঁওবাসীৰ।

উল্লেখ্য যে,অসম মেঘালয় সীমান্তৱৰ্তী বকো হাহিমৰ পৰা ১৫/১৬কিলো মিটাৰ দূৰত্বত আছে পাহাৰীয়া ভূখণ্ড চোমাৰাং। চোমাৰাঙৰ পৰা হাহিমলৈ যাতায়ত কৰা পথচোৱা গাঁওবাসীয়ে নিজৰ গাঠিৰ ধন ভাঙি নিৰ্মাণ কৰি লৈছে। যাতায়তৰ পথত পাহাৰৰ পৰা বৈ অহা খৰস্ৰতা বকো নদীৰ ওপৰত বাঁহৰ সাকো আৰু বাঁহৰ দলং সাজি লৈছে গাঁওবাসীয়ে। কিন্তু পথচোৱা যাতায়তৰ বাবে সুচল হৈ উঠা নাই। বাঁহৰ বেৰৰ বাসগৃহত বসবাস গাঁওবাসীৰ।

বছৰ বছৰ ধৰি টিপ চাকিৰ পোহৰত অতিবাহিত কৰিছে জীৱন শৈলী। খোৱা পানীৰ নামত নিজৰাৰ পানী সেৱন কৰিছে। এশ বছৰ অতিক্ৰম কৰা একমাত্ৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়খন জৰাজীৰ্ণ ৰূপ। শিক্ষয়িত্ৰী গৰাকীয়ে মাহত এবাৰ ভুমুকি মাৰেহি। পাহাৰৰ দূৰ্গম স্থান বগাই হাহিম অথবা বকোলৈ যাব লাগে। স্বাস্থ্য কেন্দ্ৰ কাগজে কলমে আছে কিন্তু গাঁওখনত নাই। গৰ্ভৱতী মহিলা অথবা ৰুগীসকলক চিকিৎসাৰ বাবে ভাৰ বান্ধি হাহিম অথবা বকোলৈ নিয়ে গাঁওবাসীয়ে।

মুঠতে অসমৰ এই গাঁওখন সম্পূৰ্ণৰূপে এলাগী হৈ আছে। বৰ্হিজগতৰ লগত সম্পৰ্ক নাই গাওখনৰ।গাঁওবাসীৰ আন এক গুৰুতৰ অভিযোগ আজিলৈকে গাঁওখনত ৰজাঘৰীয়াৰ পৰা মন্ত্ৰী বিধায়কৰ কাৰো পদধুলি পৰা নাই। ভোট প্ৰদান কৰাৰ ক্ষেত্ৰতো গাঁওবাসীৰ ওপৰত চৰকাৰখনৰ এলাগী চাৱনি। গাঁওখনৰ ভোটাৰসকলক বিভক্ত কৰি প্ৰায় সাত আঠ কিলোমিটাৰ দূৰত্বত থকা বাংজেং, ড্ৰোনপাৰা আদি গাঁওসমূহত সেই গাঁওবোৰৰ বাসীন্দা হিচাবে ভোট প্ৰদান কৰিবলৈ বাধ্য কৰাইছে।

বছৰ বছৰ ধৰি চোমাৰাং বাসীয়ে বিভাগীয় কৰ্তৃপক্ষক এই সন্দৰ্ভত অৱগত কৰি আহিছে। সেয়ে সমাগত নিৰ্বাচন যদি চোমাৰাঙবাসীয়ে নিজ গাঁৱৰ বাসিন্দা হিচাবে ভোট প্ৰদান কৰিবলৈ নাপায় তেন্তে ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে। আনহাতে অসমৰ বিপৰীতে মেঘালয়ক ভোট প্ৰদান কৰাৰ হুংকাৰ দিছে।

Exit mobile version