বুৰঞ্জীমূলক চলচ্চিত্র ‘চিজৌ’ কানাডা চলচিত্র মহােৎসৱলৈ নির্বাচিত

IMG 20210207 WA0037

কানাডাত অনুষ্ঠিত মনট্রিয়েল ইণ্ডিপেডেন্ট চলচ্চিত্র মহােৎসৱলৈ নির্বাচিত হৈছে বুৰঞ্জীমূলক চলচ্চিত্র ‘চিজৌ ।ভাৰত ভূটান সীমান্তত বসবাস কৰা এক কাহিনী মূলত দাসত্বৰ পটভূমিত চলচ্চিত্ৰখন নির্মাণ কৰা হৈছে৷ এই চলচ্চিত্ৰখনৰ কাহিনী আৰু পৰিচালনা বিশাল পি চলিহাৰ আৰু প্রযােজনা ওম প্রকাশ খেৰকটাৰী আৰু প্রিয়ম খেৰকটাৰীৰ।

চলচ্চিত্ৰখনত অভিনয় কৰিছে জয়ন্ত নাৰ্জাৰী, পাঞ্চি ব্রহ্ম, বিজিত বসুমতাৰী, কমলেশ্বৰ বসুমতাৰী, ওমপ্রকাশ খেৰকটাৰী আদিয়ে৷ চলচিত্রখনৰ চিনেমেটোগ্রাফী কৰিছে আশুতােষ কাশ্যপে, সংগীত পৰিচালনা ধ্রুৱজ্যোতি পাটগিৰিৰ , চাউণ্ড ডিজাইন কৰিছে দেৱজিত চাক্ষ্মাই৷

চলচ্চিত্র খনৰ দৃশ্যগ্ৰহণ কৰা হৈছে অৰুণাচল প্রদেশ, অসমৰ মানস ৰাষ্ট্ৰীয় উদ্যান আৰু বাস্কাৰ চাইখংগুৰিতাত ।এই চলচ্চিত্ৰখন ইউ এছ এৰ টেলিভিছন নেটৱৰ্ক চিনেমৈয়ে প্রমচনৰ বাবে নির্বাচন কৰিছে৷ চলচ্চিত্ৰখন ৩০ জানুৱাৰীত কানাডাৰ মনট্রিয়েল ইণ্ডিপেডেন্ট চলচ্চিত্র মহােৎসৱ আৰু দুই ফেব্ৰুৱাৰীত লছ এঞ্জেলছত অনুষ্ঠিত প্রতিযােগিতাত নির্বাচিত হৈছিল৷

Exit mobile version