উত্তৰাখণ্ডত হিমস্খলনঃ ভুক্তভোগীসকলৰ উদ্ধাৰৰ বাবে ঋষভ পণ্টে পাৰিশ্ৰমিক দান কৰিব

Rishabh Pant PTI

উত্তৰাখণ্ডৰ হিমস্খলনৰ পাছত কালি চামোলি জিলাৰ ভুক্তভোগীসকলৰ বাবে সাহায্যৰ হাত আগবঢ়াই ঋষভ পণ্টে । শোক প্ৰকাশ কৰাৰ লগতে ভাৰতীয় দলৰ উইকেট ৰক্ষকে ইংলেণ্ডৰ বিৰুদ্ধে পাৰিশ্ৰমিকৰ সম্পূৰ্ণ দান কৰিব উত্তৰাখণ্ডৰ ভুক্তভোগীসকলৰ বাবে । টুইটযুগে এই বাৰ্তা প্ৰেৰণ কৰে পণ্টে ।

তেওঁ টুইটাৰত লিখে, ‘স্বজন হেৰুওৱা, বিপদগ্ৰস্ত পৰিয়ালসকললৈ মোৰ সমবেদনা জ্ঞাপন । যিসকল এতিয়াও আটক হৈ আছে, তেওঁলোকক দ্ৰুত উদ্ধাৰ কৰা হ’ব বুলি মই আশাপ্ৰদ । ইমান মানুহৰ মৃত্যুত মই দুখী । মই মোৰ পাৰিশ্ৰমিক এই ভুক্তভোগী লোকসকলক দান কৰিম । আপোনালোকক আহ্বান জনাইছো আপোনালোকেও আগবাঢ়ি আহক ।’

পণ্টৰ দৰে হাৰভজন সিং আৰু শিখৰ ধৱনেও ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰিছে । প্ৰাক্তন স্পিনাৰ হৰভ’জনে লিখে, ‘উত্তৰাখণ্ডৰ সকলো লোকৰ বাবে মোৰ প্ৰাৰ্থনা ।’ ভাৰতীয় দলৰ অপেনাৰে লিখে, ‘উত্তৰাখণ্ডৰ লোকসকলৰ বাবে মই চিন্তিত তেওঁলোকৰ বাবে মোৰ প্ৰাৰ্থনা ।’

https://twitter.com/harbhajan_singh/status/1358401802706690053?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1358401802706690053%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Fsports%2Futtarakhand-glacier-disaster-rishabh-pant-donates-match-fee-dgtl%2Fcid%2F1265502

https://twitter.com/SDhawan25/status/1358409768474353667?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1358409768474353667%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Fsports%2Futtarakhand-glacier-disaster-rishabh-pant-donates-match-fee-dgtl%2Fcid%2F1265502

Exit mobile version