উত্তৰাখণ্ডত জলপ্রলয়ত সন্ধানহীন অসমৰ দুই যুৱক। নগাঁও জিলাৰ কামপুৰ উত্তৰ চাংচকীৰ সন্ধানহীন হোৱা দুই যুৱক আছিল অমৰজ্যোতি দাস আৰু কমল দাস ।
ADVERTISEMENT
তথ্য অনুসৰি উত্তৰাখণ্ডত এটা ব্যক্তিগত উদ্যোগত নিৰাপত্তাৰক্ষী হিচাপে কর্মৰত আছিল দুই ভাতৃ অমৰজ্যোতি দাস আৰু কমল দাস৷
কামপুৰৰ ঘৰত অকলে বাস কৰে অমৰজ্যোতি আৰু কমল দাসৰ মাতৃ ।উত্তৰাখণ্ডৰ কোন ঠাইত তেওঁৰ দুই পুত্র কর্মৰত হৈ আছে, সেই বিষয়েও ভালদৰে নাজানে মাতৃয়ে।
দেওবাৰে পোৱা তেওঁলোক কৰ্মৰত প্ৰতিস্থানটোৰ পৰা ফোনযোগে দুজন যুৱক সন্ধানহীন বুলি পৰিয়ালক খবৰ দিয়ে। খবৰটো পোৱাৰ পিছতে শোকাকুল পৰিৱেশ সৃষ্টি হৈছে এতিয়া চাংচকী গাঁৱত।
উল্লেখযোগ্য যে বিগত কেইবাবছৰ ধৰি উত্তৰাখণ্ডৰ ব্যক্তিগত প্রতিষ্ঠানত কর্মৰত হৈ আছিল অমৰজ্যোতি দাস আৰু কমল দাস৷