চিনেমা হললৈ চিন্তাত পৰিছে ছলমান খান

Salman Khan at Renault Star Guild Awards

বছৰত তেওঁৰ এখন ছবিৰ অৰ্থ হৈছে কোটি কোটি টকাৰ ব্যৱসায়। ছলমান খানৰ তিনিখনকৈ ছবি নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিছে এতিয়া মাত্ৰ অপেক্ষা ছবিকেইখনৰ মুক্তি লাভৰ ।চিনেমা হল বন্ধক লৈ এতিয়া চিন্তাত পৰিছে বলিউডৰ জনপ্ৰিয় অভিনেতা ছলমান খান।

ছবি কেইখন নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতে এতিয়া অপেক্ষা মাথোঁ চিনেমা হলবোৰ কেতিয়া সম্পূৰ্ণৰূপে পূৰ্বৰ অৱস্থালৈ ঘূৰি আহে। শেহতীয়া সাক্ষাৎকাৰত ছলমানে নিজেই এই বিষয়ে উদ্বেগ প্ৰকাশ কৰি কয় যে যদি চিনেমা হলবোৰ জীয়াই নাথাকে তেন্তে তেওঁলোকৰ বাবে জীয়াই থকাটো ক্ৰমান্বয়ে কঠিন হ’ব।

ছলমানে পূৰ্বতে ঘোষণা কৰিছিল যে তেওঁৰ ‘ৰাধে’ নামৰ চিনেমাখন এই বছৰৰ ঈদত মুকলি কৰা হ’ব। ছলমানে হলৰ মালিক আৰু বিতৰকৰ অনুৰোধত ছবিখনৰ চাৰিওফালৰ ব্যৱসায়ৰ কথা মনত ৰাখি চিনেমা হলত ‘ৰাধে’ মুক্তি দিয়াৰ সিদ্ধান্ত লৈছিল।

একে সময়তে, ‘কভী ইড কভী দিৱালী’ আৰু ‘অন্তিম’ৰ কামও প্ৰায় শেষ হৈছে। সমগ্ৰ দেশৰ চিনেমাসমূহত ১০০ শতাংশ প্ৰৱেশকৰাৰ পিছতো দৰ্শকসেইদৰে নোহোৱাত বন্ধ হৈ গৈছে চিনেমা হলবোৰ।

এই সন্দৰ্ভত চলমানে কয়, “ছবিগৃহবোৰ এতিয়া সমাধিস্থানৰ দৰে থিয় হ’ব থাকিব লাগে। বিত্তীয় কাৰণত বহুতে হল বন্ধ কৰিবলৈ বাধ্য হৈছে। এইটো এটা ভাল লক্ষণ নহয়। এইটো আমাৰ জীৱিকা । আমি ইজনে সিজনৰ ওপৰত নিৰ্ভৰশীল। হলবন্ধ হৈ গলে আমি ক’ত আমাৰ ছবি দেখাম?

Exit mobile version