ধুবুৰীত দুৰ্নীতিৰ অভিযোগত লাট মণ্ডলক আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ

WhatsApp Image 2021 02 08 at 6.45.13 PM

এশ গৰু মাৰিলে এদিন বাঘৰো মৰণ বুলি কথা এসাৰ আছে। আজি ধুবুৰী আৰক্ষীয়ে তাকেই প্ৰমাণ কৰি দিলে। ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্যলয়ত দুৰ্নীতিৰ বেহা চলে বুলি সঘনে বাতৰিৰ শিৰোনামা দখল কৰি আহিছিল। ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্য্যলয়ত কৰ্মৰত, নোমেজ উদ্দীন আহমেদক আজি ধুবুৰী আৰক্ষীয়ে দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ধুবুৰীৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই আজি সাংবাদিকক জনোৱা মতে, গোচৰ নং :- ১৩০/২০২০ ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৪৬৮/৪৭১/৪২০ তাৰিখ : ০৮/০২/২০২১ ভিত্তিত, গৌৰীপুৰৰ আলমগঞ্জ খণ্ড নং :- ১ বাসিন্দা তথা ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্য্যলয়ত কৰ্মৰত, নোমেজ উদ্দীন আহমেদ(৫৬) ক সিৰাজুল হক নামৰ এজন ব্যক্তিৰ এজাহৰৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। সিৰাজুল হকৰ ১৩ বিঘা ০২ কঠা ০৩ লেছা মাটি, বেলেগ এজন মানুহৰ নামত নামজাৰী কৰি দিছিল।

ধুবুৰী আৰক্ষীৰ ফালৰ পৰা বহুবাৰ সোধ-পোচৰ বাবে থানা লৈ মতা হৈছিল নোমেজ উদ্দীন আহমেদক। কিন্তু তেওঁ আৰক্ষীৰ লগত সহযোগ নকৰি আৰক্ষীক অমান্যহে কৰিছিল। সেই বাবেই আজি ধুবুৰীৰ আৰক্ষীয়ে নোমেজ উদ্দীন আহমেদক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে, ধুবুৰীৰ তদান্তিন উপায়ুক্ত অনন্ত লাল জ্ঞানীয়ে যোৱা ২৫ জানুৱাৰীত ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্য্যলয়ত কৰ্মৰত, দুৰ্নীতিগ্ৰস্ত তথা বহু বিতৰ্কিত লাট মণ্ডল নোমেজ উদ্দীন আহমেদ, জাহানুৰ ৰহমান, আবুল হুছেইন আৰু সুজিত সেনগুপ্তাক ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্য্যলয়ৰ পৰা বদলি কৰিছিল । যদিও আজিলৈকে ধুবুৰী চক্ৰ বিষয়া মীনাক্ষী দাসে কিহৰ স্বাৰ্থত এই চাৰি গৰাকী লাট মণ্ডলক ধুবুৰী চক্ৰৰ পৰা বদলি নকৰিলে সেয়া এক ৰহস্যৰ বিষয় হৈ পৰিছে।

সচেতন মহলে ক’ব খোজে এই চাৰিগৰাকী নাট মণ্ডলৰ লগত এক গোপন বুজা-বুজি কৰি পুনৰ ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্যালয়লত পুনৰ ৰাখিব বিচাৰিছে চক্ৰ বিষয়াগৰাকীয়ে।

ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্য্যলয়ত কৰ্মৰত, লাট মণ্ডল আবুল হুছেইনে উৎকোচ লোৱাৰ সময়ত মিডিয়াত ফটোসহ প্ৰচাৰ হৈছিল।

ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্য্যলয়ত কৰ্মৰত লাট মণ্ডলবোৰৰ প্ৰায় পাঁচ-ছয় জনকৈ ব্যক্তিগত দালাল আছে। এই দালালবোৰৰ দ্বাৰা এক মোটা অংকৰ ধনৰ বিনিময়ত, ভূমিৰ নামজাৰী তথা ভূমি সংক্ৰান্তীয় কামবোৰ সমাধা কৰে।

একাংশ ৰাইজে অভিযোগ কৰে যে, ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্য্যলয়ত কৰ্মৰত লাট মণ্ডলবোৰৰ ভিতৰত হজৰত আলি মণ্ডল আৰু আবুল হোছেইনে নিজ নিজ লাটৰ মানুহবোৰৰ পৰা ভূমিৰ কাম কৰি দিয়াৰ বাবত বহুত উৎকোচ সংগ্ৰহ কৰি দুৰ্নীতিৰ পাহাৰ গঢ়ি নামি – বেনামী সম্পত্তিৰ গৰাকী হৈ পৰিছে সেয়া সৰ্ব জন বিদিত ।

এই ক্ষেত্ৰত তেওঁলোকক পৰোক্ষভাৱে সহযোগ কৰে এচাম দলালে। ইয়াত দলাল সকলৰো এক অংশ ভাগ থকাৰ উপৰিও এচাম বিভাগীয় বিষয়াৰো ভাগ থাকে বুলি সচেতন ৰাইজে ক’ব খোজে।

ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্যলয়ত, একাংশ লাট মণ্ডলৰ বাবে এতিয়া সোণৰ কণী দিয়া হাঁহ হিচাবে পৰিণত হৈছে। কাৰ ছত্ৰ-ছায়াত কিহৰ স্বাৰ্থত হজৰত আলি মণ্ডল আৰু আবুল হোছেইন নামৰ লাট মণ্ডলৰ লগতে কাৰ্য্যলয়টোৰ একাংশ কৰ্মচাৰীয়ে নিজ নিজ দালাল ৰাজ অব্যাহত ৰাখিছে এয়া এক ৰহস্যৰ বিষয় ।

এতিয়া কথা হ’ল যে, কাৰ ছত্ৰ ছায়াত, কিহৰ স্বাৰ্থত, জিলা প্ৰশাসনৰ লগতে উৰ্ধতম কতৃপক্ষক মেনেজ কৰি বিভাগটোৰ একাংশ কৰ্মচাৰীৰ লগতে হজৰত আলি মণ্ডল আৰু আবুল হোছেইনে এনেধৰণৰ দুৰ্নীতি সংঘটিত কৰি নামি-বেনামি সম্পত্তিৰ গৰাকী হ’ব পাৰিলে সেয়া লক্ষণীয় দিশ।

অৱশ্যে, বহু বিতৰ্কিত তথা দুৰ্নীতিৰ সম্ৰাট হজৰত আলি মণ্ডল নামৰ লাট মণ্ডল জনক ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্যলয়ৰ পৰা কিয় বদলি কৰা নহ’ল সেয়া লক্ষণীয় দিশ।

জিলা প্ৰশাসনৰ লগতে বিভাগীয় মন্ত্ৰীয়ে বিভাগটোৰ দুৰ্নীতিসমূহ তদন্ত কৰি দোষী ব্যক্তিসকলক শাস্তি বিহাৰ সাহস গোটাব পাৰিব নে নাই সেয়া সময়ে ক’ব।

স্থানীয় ৰাইজে, বিভাগটোত নিতৌ সংঘটিত দুৰ্নীতিসমূহ তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে স্বচ্ছ, নিকা, দুৰ্নীতি মুক্ত তথা উৎকোচ বিহীন এখন বিভাগ প্ৰতিষ্ঠা কৰাৰ বাবে দাবী উত্থাপন কৰিছে।

Exit mobile version