উত্তৰাখণ্ডত হিমবাহ হ্ৰদৰ সংখ্যা বৃদ্ধি পাইছে

বিপদৰ শংকা পাইছে বৈজ্ঞানিকসকলে

2234ogqo uttarakhand glacier disaster ndrf rescue

উত্তৰাখণ্ডৰ হৰপ্পা বানৰ বাবে হিমবাহ হ্ৰদ দায়ী নহয় যদিও পাহাৰৰ ওপৰত এই ধৰণৰ হ্ৰদৰ সংখ্যা ক্ৰমে বৃদ্ধি পাইছে । সেইবোৰেই অনাগত দিনত বিপৰ্যয়ৰ কাৰণ হৈ পৰিব বুলি আশংকা প্ৰকাশ কৰিছে বৈজ্ঞানিকসকলে ।বিগত কিছু বছৰ‌ ধৰি সমীক্ষা অব্যাহত ৰাখিছে বৈজ্ঞানিকসকলে । তেওঁলোকৰ দাবী, পৰিৱেশৰ উষ্ণতা‌ বৃদ্ধিৰ ফলত হিমবাহবোৰ ক্ৰমে গলিবলৈ লৈছে ।

ফলত হ্ৰদৰ সংখ্যা বৃদ্ধি পাইছে । যি বৃহৎ বিপৰ্যয় সংঘটিত কৰাৰ বাবে যথেষ্ট । এই ক্ষেত্ৰত তেওঁলোকে ২০১৩ৰ কেদাৰনাথৰ হৰপ্পা বানৰ প্ৰসংগ দাঙি ধৰিছে ।বৰষুণৰ ফলত হিমবাহ হ্ৰদ উপচি পৰি হৰপ্পা বানৰ আকাৰত নামি আহিছিল । ফলত প্ৰায় পাঁচ হেজাৰ লোকৰ মৃত্যু হৈছিল । কাঠমাণ্ডুৰ ইণ্টাৰনেছনেল চেণ্টাৰ ফৰ ইণ্টিগ্ৰেটেড মাউণ্টেন ডেভলপমেণ্ট (আইচিআইএমঅডি)এ হিমালয়‌ পাৰ্বত্য অঞ্চলত হিমবাহ হ্ৰদৰ সমীক্ষা কৰোঁতে উপগ্ৰহ চিত্ৰৰ মাধ্যমত উত্তৰাখণ্ডত এই ধৰণৰ ১২৭টা হিমবাহ সৃষ্ট হ্ৰদ প্ৰত্যক্ষ কৰে ।

হাইদৰাবাদৰ নেছনেল ৰিম’ট ছেন্সিং চেণ্টাৰৰ স’তে ২০১৫ত কাম কৰাৰ সময়ত দুগৰাকী বৈজ্ঞানিকে দাবী কৰে যে, উত্তৰাখণ্ডত ৩৬২টা হিমবাহ হ্ৰদ আছে । বেছিভাগ হ্ৰদেই দুৰ্গম স্থানত অৱস্থিত । বৈজ্ঞানিকসকলো তাত যাব পৰা নাই । উপগ্ৰহ চিত্ৰৰ মাধ্যমত হ্ৰদবোৰ চিহ্নিত কৰিছে তেওঁলোকে ।

হিমবাহ বিশেষজ্ঞসকলে জনায় যে, উত্তৰাখণ্ডৰ লগতে সমগ্ৰ হিমালয় পাৰ্বত্য অঞ্চলতে বৃদ্ধি হিমবাহ হ্ৰদৰ সংখ্যা বৃদ্ধি পাইছে । তেওঁলোকে আশংকা প্ৰকাশ কৰিছে যে, এই ধৰণৰ হ্ৰদৰ সংখ্যা যিমানেই বৃদ্ধি পাব সিমানেই উত্তৰাখণ্ডৰ চামোলিৰ বিপৰ্যয়ৰ দৰে ঘটনা বৃদ্ধি পাব ।লগতে তেওঁলোকে জনায় যে, হিমবাহ হ্ৰদৰ বৃদ্ধিয়ে উষ্ণতা বৃদ্ধি তথা পৰিৱেশ পৰিৱৰ্তনৰ বাৰ্তা দিছে । যাৰ প্ৰভাৱ হিমবাহবোৰত পৰিছে ফলত হিমবাহ ক্ৰমে গলিবলৈ লৈছে ।

এইটো অতি উদ্বেগৰ বিষয় বুলি মত প্ৰকাশ কৰে বৈজ্ঞানিকসকলে ।১৯৬০ দশকৰ পৰাই উত্তৰাখণ্ডত হিমবাহ গলা প্ৰত্যক্ষ কৰিছে বৈজ্ঞানিকসকলে । উত্তৰাখণ্ডৰ গাড়োৱাল অঞ্চলত ১৯৯০-২০০৯ৰ ভিতৰত ৩৩ শতাংশ হিমবাহ হ্ৰদ বৃদ্ধি পাইছে । বাৰে বাৰে বিপৰ্য‌য়ৰ সন্মুখীন নহ’বৰ বাবে এই হিমবাহ হ্ৰদবোৰৰ ওপৰত লক্ষ্য ৰখা প্ৰয়োজনীয় বুলি মত প্ৰকাশ কৰে বিশেষজ্ঞসকলে ।

Exit mobile version