★ খেজুৰত গ্লুক’জ, চুক্ৰ’জ আৰু ফ্ৰুক্ট’জ কাৰ্বহাইড্ৰেত থাকে । সেয়েহে খেজুৰ খালে যথেষ্ট পৰিমাণে শক্তি পোৱা যায়।
★ ডায়েবেটিচ ৰোগীয়ে কুঁহিয়াৰৰ পৰা উৎপাদিত চুগাৰ কাৰ্বহাইড্ৰেত বা চেনী খোৱাত বাধা থকা বাবে শক্তি আহৰণৰ হেতু খেজুৰ দিনে ২-৩ টা খাব পাৰে।
★খেজুৰত কলেষ্টেৰল নাথাকে, নামমাত্ৰ চৰ্বি থাকে কাৰণে খেজুৰ খালে তেজত কলেষ্টেৰল নাবাঢ়ে।
★ খেজুৰ খালে কোষ্ঠ কাঠিন্য আতৰ হয়।
★প্ৰতি ১০০ গ্ৰাম শুকান খেজুৰত ০’০৯ গ্ৰাম আইৰণ পোৱা যায়।
★১০০ গ্ৰাম খেজুৰ খালে দৈনিক আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় আইৰণৰ ১১% পাব পাৰো। সেয়েহে খেজুৰ খালে ৰক্তহীনতা নাইকিয়া হয়।
★খেজুৰত যথেষ্ট পৰিমাণৰ পোষক দ্ৰব্য থকা বাবে হাড় আৰু মাংস পেশী মজবুত হয়।
★খেজুৰত থকা কেলছিয়ামে দাঁত আৰু শৰীৰৰ হাড়বোৰ মজবুত কৰে বাবে অষ্টিঅ আৰ্থাইটিচ নামৰ বাতবিষ সহজে নহয়।
★খেজুৰত ভিটামিন-এ থাকে, সেয়েহে খেজুৰ খালে কুকুৰীকণা, অন্ধতা আতৰ হোৱাৰ উপৰিও দৃষ্টিশক্তি বৃদ্ধি হয়। Zeaxanthin আৰু Lutein নামৰ পদাৰ্থৰ কাৰণে চকুৰ ৰেটিনা সুস্থ সবল হয়।
★ খেজুৰে শৰীৰৰ ধাতু পোষণ কৰি শক্তি যোগায়। কঠোৰ শাৰীৰিক পৰিশ্ৰম কৰা ব্যক্তিয়ে পাঁচটাকৈ আগবেলা আৰু পিছবেলা খেজুৰ খালে অফুৰন্ত শক্তি পায়।
(১০) চৰ্দি , কাহ আৰু পানী লগাত খৈজুৰে অমৃতৰূপে কাম কৰে । প্ৰতিদিনে চাৰি পাঁচটা খেজুৰ গৰম গাখীৰৰ স’তে খালে নতুন আৰু পুৰণি চৰ্দি ,কাহ , পানীলগা আৰু শ্বাস-প্ৰশ্বাস ৰোগ ভাল হয়।
★খেজুৰ খালে শৰীৰ গৰম হৈ থাকে, সেয়েহে ঠাণ্ডাদিনত বৃদ্ধ ব্যক্তি সকলে গাখীৰৰ সৈতে খেজুৰ খালে ৰসায়নৰ দৰে কাম কৰে।
★খেজুৰ এবিধ শ্ৰেষ্ঠ এন্টিঅক্সিডেন্ট হোৱা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় বাবে ৰোগমুক্ত হৈ থাকিব পাৰে। যিকোনো বেমাৰৰ বীজাণুৱে সহজে আক্ৰমণ কৰি ৰুগীয়া কৰিব নোৱাৰে।