লোকচানৰ সন্মুখীন হোৱা এটা সংস্থাৰ আঠ মাহত লাভ তিনি হেজাৰ শতাংশ

টেছলাক প্ৰত্যাহ্বান

ncj7afug wall street

বিনিয়োগ জগতত সম্প্ৰতি নিজৰ মূল্য বৃদ্ধি কৰিছে ‘ব্লিংক চাৰ্জিং কো’ নামে এটা বিদ্যুৎ সৰবৰাহকাৰী সংস্থাই । বিগত ১১ বছৰ ধৰি লোকচানৰ সন্মুখীন হৈ আহিছিল সংস্থাটোৱে । বিগত বৰ্ষৰ এটা সময়ত দেউলীয়া হৈ যাব পাৰে বুলিও ঘোষণা কৰিছিল সংস্থাটোৱে । বিশ্ব শ্বেয়াৰ বজাৰৰ তথ্য অনুসৰি, ব্লিংকে সম্প্ৰতি তিনি হেজাৰ শতাংশ লাভান্বিত হৈছে ।এই সংস্থাটো বিনিয়োগকাৰীসকলৰ শ্ৰেষ্ঠ পছন্দত পৰিণত হৈছে ।

যোৱা আঠ মাহ ধৰি ব্লিংকৰ শ্বেয়াৰৰ মূল্য ক্ৰমশঃ বৃদ্ধি হৈ প্ৰদূষণহীন বিদ্যুৎ সৰবৰাহকাৰী সংস্থা টেছলাক প্ৰত্যাহ্বান জনাইছে ।টেছলা বিনিয়োগকাৰীসকলৰ দীৰ্ঘদিনৰ নিৰ্ভৰযোগ্য সংস্থা । পুনৰ্ব্যৱহাৰযোগ্য বিদ্যুৎ উৎপাদনকাৰী সংস্থা টেছলাক ব্লিংকে প্ৰত্যাহ্বান দিয়াত প্ৰশ্ন উত্থাপন হৈছে যে, এনে কি হ’ল যে ১১ বছৰে ক্ষতিত চলা সংস্থাই হঠাৎ তিনি হেজাৰ গুণ বৃদ্ধি কৰিলে শ্বেয়াৰ দৰ !শ্বেয়াৰ বজাৰৰ ইতিহাসত ইমান কম সময়ত এশ কোটি ডলাৰতকৈ অধিক আৰ্থিক মূল্য মাত্ৰ সাতটা সংস্থাই লাভ কৰিছে ।

প্ৰায় ২৭০০ টা সংস্থা আছে যাৰ মুঠ সম্পদ এশ কোটি ডলাৰৰ অধিক । ব্লিংকৰ হঠাৎ জনপ্ৰিয়তাৰ বিষয়ত অৰ্থনীতিবিদসকলে কয়, পুনৰ্ব্যৱহাৰযোগ্য শক্তি বা গ্ৰীণ এনাৰ্জী সৰবৰাহৰ বিষয়টো আকৃষ্ট কৰিছে বিনিয়োগকাৰীসকলে । পৰিৱেশ প্ৰদূষণ বৃদ্ধি, গোলকীয় উষ্ণতা বৃদ্ধি, শক্তি সম্পদ ক্ৰমশঃ হ্ৰাস হোৱাৰ দৰে বিষয়ত সৰভ হৈছে বিশ্বৰ উন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহ । এনে পৰিস্থিতিত পুনৰ্ব্যৱহাৰযোগ্য শক্তিৰ ওপৰতে নিৰ্ভৰশীল হোৱা উচিত বুলি মত প্ৰকাশ কৰে বিনিয়োগকাৰীসকলে ।

তেওঁলোকে কয়, ভৱিষ্যতৰ বাবে গ্ৰীণ এনাৰ্জী সংস্থাসমূহত বিনিয়োগ কৰিবই লাগিব ।বৈদ্যুতিক বাহনৰ চাৰ্জিং ষ্টেচন চলায় ব্লিংকে । বাহনৰ চাৰ্জিঙৰ বাবে ব্যৱহাৰ কৰে পুনৰ্ব্যৱহাযোগ্য শক্তি । বিনিয়োগকাৰীসকলৰ অনুসৰি, ভৱিষ্যতে পুনৰ্ব্যৱহাৰযোগ্য শক্তিৰ চাহিদা বৃদ্ধি পাব । সেই চাহিদা পূৰণ কৰিব ব্লিংকে । কিন্তু অৰ্থনীতিবিদসকল এই‌ বিষয়ত একমত নহয় বিনিয়োগকাৰীসকলৰ স’তে।

অৰ্থনীতিবিদসকলে কয়, সম্পূৰ্ণ বিষয়টোৱে এটা দুৰ্বল আধাৰৰ ভিত্তিত প্ৰতিষ্ঠিত । বিনিয়োগকাৰীসকলে বিশ্বাস সম্পূৰ্ণ সঠিক নোহোৱা সম্ভাৱনাই অধিক । অৰ্থনৈতিক গৱেষণা সংস্থা, চাইট্ৰন ৰিচাৰ্ছৰ প্ৰতিষ্ঠাপক এণ্ডু লেফটে্ কয়, ‘ব্লিংকৰ বিনিয়োগকাৰীসকলৰ আগ্ৰহ হঠাৎ বৃদ্ধি পগলামীৰ বাহিৰে একো নহয় । হয়টো ব্লিংকৰ সুনামটোৱে পছন্দ হৈছে বিনিয়োগকাৰীসকলৰ ।’

Exit mobile version