৬২ বছৰত উষ্ণতম জানুৱাৰী ভাৰততঃ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ দাবী

mqdefault

চলিত বৰ্ষৰ জানুৱাৰী ভাৰতত ৬২ বছৰত উষ্ণতম । এই দাবী ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ । ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া তথ্য অনুসৰি, ‘২০২১ৰ জানুৱাৰী ৬২ বছৰৰ পাছত উষ্ণতম । ১৯৫৮ৰ পাছত এইয়ে প্ৰথম ।’

দক্ষিণ ভাৰতত এইবাৰৰ জানুৱাৰী ১২১ বছৰৰ ভিতৰত উষ্ণতম । চলিত বৰ্ষৰ জানুৱাৰীত দক্ষিণ ভাৰতৰ তাপমাত্ৰা আছিল ২২.৩৩ ডিগ্ৰী চেলচিয়াছ । ১৯১৯ত তাপমাত্ৰা আছিল ২২.১৪ ডিগ্ৰী চেলচিয়াছ । ২০২০ ত আছিল ২১.৯৩ ডিগ্ৰী চেলচিয়াছ ।

৩৮ বৰ্ষৰ পাছত মধ্য ভাৰততো তাপমাত্ৰা বৃদ্ধি পাইছে । ১৯৮২ত ভাৰতৰ গড় তাপমাত্ৰা আছিল ১৪.৯২ ডিগ্ৰী চেলচিয়াছ । চলিত বৰ্ষত তাপমাত্ৰা বৃদ্ধি পাই হ’ল গৈ ১৪.৮২ ডিগ্ৰী চেলচিয়াছ । অৱশ্যে ১৯৫৮ত ভাৰতৰ তাপমাত্ৰা সৰ্বনিম্ন আছিল ১৫.০৬ ডিগ্ৰী চেলচিয়াছ ।

বিগত কিছু বৰ্ষৰ তুলনাত জানুৱাৰী অধিক উষ্ণ হ’লেও সৰ্বোচ্চ তাপমাত্ৰা স্বাভাৱিকৰ তলতেই আছিল বুলি জনায় কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই । চলিত বৰ্ষত জানুৱাৰীৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল গড় ১৪.৭৮ ডিগ্ৰী চেলচিয়াছ । ১৯১৯ৰ জানুৱাৰী ইয়াতকৈ অধিক উষ্ণ আছিল ১৫ ডিগ্ৰী চেলচিয়াছ ।

Exit mobile version