জীৱনৰ অধিক সময় মাতৃ অমৃতা সিঙৰ স’তে অতিবাহিত কৰিছে জনপ্ৰিয় অভিনেত্ৰী ছাৰা আলি খানে । ছেইফ আলি খানৰ স’তে অমৃতাৰ বিচ্ছেদ হোৱাৰ সময়ত ছাৰাৰ বয়স আছিল মাত্ৰ ন বছৰ । ইয়াৰ পাছত মাতৃৰ স’তে থাকি তেওঁৰ আদৰ্শতেই ধীৰে ধীৰে ডাঙৰ হয় অভিনেত্ৰীগৰাকী । সেয়ে অমৃতাৰ স’তেই আবৰ্তিত ছাৰাৰ জীৱন ।
মাতৃক অকলশৰীয়া কৰি ক’তো যাবলৈ প্ৰস্তুত নহয় ছাৰা । বিয়াৰ পাছতো অমৃতাৰ স’তে থাকিব বিচাৰে অভিনেত্ৰীগৰাকীয়ে । এক সাক্ষাৎকাৰত ছাৰাই কয়, ‘মই গোটেই জীৱন মাৰ স’তে থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো । এই কথাতো ক’লে মায়ে মোৰ ওপৰত খং কৰে । কাৰণ, মোৰ বিয়াৰ বাবে বহুতো পৰিকল্পনা কৰিছে । কিন্তু, বিয়াৰ পাছতোটো মোৰ স’তে থাকিব পাৰে, নহয় নে ?’
অমৃতা ছাৰাৰ অন্তৰংগ বান্ধৱী, কিন্তু মাতৃকে আটাইতকৈ বেছি ভয় কৰে ছাৰাই । তেওঁ কয়, ‘মাৰ স’তে সময় অতিবাহিত কৰিবলৈ মোৰ বহুত ভাল লাগে । কিছুদিনৰ বাবে দূৰত গ’লেই মাক মনত পৰে । মই মাৰ পৰা একো নুলুকোৱাওঁ । কিন্তু মাকেই মই আটাইতকৈ বেছি ভয় কৰো ।’
পৰিয়ালবৰ্গৰ স’তে নিজকে ওতঃপ্ৰোতভাৱে জড়িত কৰি ৰাখিছে ছাৰাই । ব্যস্ত ৰুটিনত সামান্য সুবিধা পালেই মাতৃ আৰু ভাতৃৰ স’তে সময় অতিবাহিত কৰে ছাৰাই । কিছুদিন পূৰ্বেই তেওঁলোকৰ স’তে মালদ্বীপলৈ যায় জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে ।