ৰাষ্ট্ৰপতি হোৱাৰ পাছত বাইডেনৰ স’তে প্ৰথম বাৰ্তালাপ মোদীৰ

যৌথ প্ৰাধান্য সন্দৰ্ভত আলোচনা

BeFunky collage 6

আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত জ’ বাইডেনৰ স’তে প্ৰথম বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । কালি সন্ধিয়া টুইট কৰি এই বিষয়ে জনায় প্ৰধানমন্ত্ৰী মোদীয়ে । দুয়োখন দেশৰ ‘যৌথ প্ৰাধান্য’ক লৈ কৰা আলোচনাৰ বিষয়েও জনায় টুইটযুগে।

বিডেনক শুভেচ্ছা জনায় প্ৰধানমন্ত্ৰী মোদীয়ে । তেওঁ টুইটত লিখে, ‘আপোনাৰ সাফল্য কামনা কৰিছো । স্থানীয় বিষয় আৰু আমাৰ যৌথ প্ৰাধান্যৰ বিষয়েও আলোচনা কৰিছো । জলবায়ু পৰিৱৰ্তনক লৈ দুয়োখন দেশৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধিটো ঐক্যমত হৈছো আমি ।’ লগতে আন্তৰ্জাতিক বিষয়টো বাৰ্তালাপ কৰিছে বুলি জনায় প্ৰধানমন্ত্ৰী মোদীয়ে ।

তেওঁ কয়, ‘আন্তৰ্জাতিক নিয়ম-নীতি মানি কাম কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছো আমি । ভাৰত মহাসাগৰীয় অঞ্চলত শান্তি ও নিৰাপত্তা অটুট ৰাখিবলৈ আৰু দুয়োখন দেশৰ মাজত কৌশলগত সম্পৰ্ক অধিক শক্তিশালী কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছো আমি ।’বাইডেনে হোৱাইট হাউচত সোমোৱা প্ৰায় দুসপ্তাহে হ’ল ।

৪৬ তম ৰাষ্ট্ৰপতিক অভিনন্দন জনাই প্ৰধানমন্ত্ৰী মোদীয়ে টুইটত লিখে, ‘আমেৰিকাৰ স’তে বিশ্বশান্তি ও নিৰাপত্তা নিশ্চিত কৰিবলৈ যৌথভাৱে কাম কৰিব ভাৰতে । দ্বিপাক্ষিক কূটনৈতিক সম্পৰ্ককো নতুন উচ্চতাত লৈ যাব দুই দেশে ।’

Exit mobile version