প্ৰাকৃতিক স্ক্ৰাবেৰে কৰক ৰূপ চৰ্চা

how to layer skin care products lede

নিত্য ফেচৱাছ কিম্বা স্ক্ৰিঞ্জাৰ দি মুখ ধোৱাৰ পাছতো ছালত কিছু পৰিমাণে হ’লেও মৃত কোষ থাকিয়ে যায় । যিয়ে জমা হৈ এসময়ত ছালৰ উজ্জ্বল মসৃণতা হ্ৰাস কৰি দিয়ে । সেয়ে ছালৰ গভীৰতাৰ পৰিস্কাৰ কৰিবৰ বাবে স্ক্ৰাব ব্যৱহাৰ কৰা অতি প্ৰয়োজনীয় । স্ক্ৰাব কৰাৰ ফলত ছালৰ মৃত কোষ, ব্লেক হেড, হোৱাইট হেড ইত্যাদি দূৰ হৈ ছাল মসৃণ হয় । কিন্তু বজাৰত উপলব্ধ স্ক্ৰাব অতিমাত্ৰাত ব্যৱহাৰ কৰিলে তাতে থকা নানা ৰাসায়নিক উপাদানে ছালৰ ক্ষতি কৰিব পাৰে । তেনেহ’লে উপায় কি ? বজাৰত উপলব্ধ স্ক্ৰাবৰ পৰিৱৰ্তে অতি সহজে ঘৰতে বনাওক প্ৰাকৃতিক স্ক্ৰাব ।

জানো আহক তাৰেই উপায়ঃ

কফি স্ক্ৰাবঃ কফিত থকা কেফিন ৰক্ত সঞ্চালনৰ বাবে সহায়ক । লগতে ছাল উজ্জ্বল আৰু তৰুণ কৰি ৰাখে ।

কেনেকৈ প্ৰস্তুত কৰিব ?

আধা কাপ দৈয়ৰ স’তে তিনি চামুচ কফি ব্লেণ্ডাৰৰ সহায়ত ভালকৈ মিহলাই পাঁচ মিনিট ৰাখি দিয়ক । শুষ্ক ছালৰ বাবে দৈয়ৰ পৰিৱৰ্তে গাখীৰ ব্যৱহাৰ কৰিব । মিশ্ৰণটো গাঢ় হৈ আহিলে এচামুচ মৌ মিহলাব ।  মিশ্ৰণটো প্ৰস্তুত হোৱাৰ পাছত মুখখন মিশ্ৰণেৰে আঠৰ পৰা ১০ মিনিট স্ক্ৰাব কৰি শীতল পানীৰে ধুই দিব । ভাল ফল পাবৰ বাবে স্ক্ৰাবটো সপ্তাহত দুবাৰৰ পৰা তিনিবাৰ ব্যৱহাৰ কৰক ।

আলমণ্ড আৰু নাৰিকলৰ গাখীৰঃ এই স্ক্ৰাবে ছাল এক্সফ’লিয়েট কৰি উজ্জ্বল কৰে ।

প্ৰস্তুত কৰা পদ্ধতিঃ এটা পাত্ৰত দুকাপ মুলটানি মাটি, একাপ অ’টছৰ গুৰি, চাৰি চামুচ আলমণ্ডৰ গুৰি আৰু গোলাপ ফুলৰ পাহিৰ শুকান গুৰি পৰিমাণ অনুসৰি নাৰিকল গাখীৰৰ স’তে মসৃণভাৱে মিহলাই পেষ্ট তৈয়াৰ কৰি  লওক  । ই কোমল ছালৰ বাবে উপকাৰী ।

অ’ট মিল স্ক্ৰাবঃ অ’টছে ছালৰ অতিৰিক্ত তৈল দূৰ কৰে আৰু ছাল পৰিষ্কাৰ কৰি উজ্জ্বল কৰে ।

প্ৰস্তুত কৰা পদ্ধতিঃ এটা পাত্ৰত এচামুচ গাখীৰ আৰু অলিভ অইল লৈ তাত দুচামুচ অ’টছ মিহলাই পেষ্টটো কোমলিবলৈ দিয়ক । পেষ্টটো কোমল হোৱাৰ পাছত গোলাপ জল মিহলাই সেই মিশ্ৰণ মুখত লগাই দুইৰ পৰা তিনি মিনিটৰ বাবে ৰাখি শীতল পানী দি মুখ ধুব ।

Exit mobile version