বিটকইনত বিপুল বিনিয়োগ ও লেনদেনৰ সিদ্ধান্ত ইলন মাস্কৰ

বৃদ্ধি হ'ল বিটকইনৰ মূল্য

29055a80c7a78cc9df2ba40c937e0846

ইলন মাস্কৰ দুটা সিদ্ধান্তৰ ফলত বিটকইনে ৰেকৰ্ড ভংগ কৰিলে । ৪৮ হেজাৰ মাৰ্কিন ডলাৰো অতিক্ৰম কৰিলে বিটকইনে । মাস্কে জানুৱাৰীত বিটকইন বিনিয়োগ কৰাৰ পাছতে ঊৰ্ধগামী হৈছিল বিশ্বৰ আটাইতকৈ বৃহৎ ক্ৰীপ্তকাৰেঞ্চীৰ বজাৰ । সম্প্ৰতি ক্ৰেতাসকলৰ পৰা বিটকইন গ্ৰহণৰ সিদ্ধান্ত লৈছে মাস্কৰ বৈদ্যুতিক বাহন প্ৰস্তুতকাৰী সংস্থা টেছলাই ।

টেছলাই বিটকইনত সম্প্ৰতি ১৫০ কোটি মাৰ্কিন ডলাৰ বিনিয়োগ কৰিছে । সোমবাৰে এই বিষয়ে ঘোষণা কৰে মাস্কৰ সংস্থাই । টুইটাৰত মাস্কে লিখে, ‘ভৱিষ্যতে স্থিতিশীলতা অটুট ৰাখিবলৈ আৰু লাভ বৃদ্ধিৰ উদ্দেশ্যে আমি নগদ বিনিয়োগৰ নীতিত কিছু পৰিৱৰ্তন আনিছো ।’ সেই টুইটত ১৫০ কোটি মাৰ্কিন ডলাৰ বিনিয়োগ কৰাৰ ঘোষণা কৰা হয় । ফলত হঠাৎ বৃদ্ধি হৈ যায় বিটকইনৰ মূল্য । জানুৱাৰীৰ আৰম্ভণিতে এটা বিটকইনৰ মূল্য আছিল ৪০ হেজাৰ মাৰ্কিন ডলাৰ, মংগলবাৰে ইয়াৰ মূল্য বৃদ্ধি হয় ৪৮ হেজাৰলৈ যিটো সৰ্বকালৰ উচ্চতম মূল্য ।

ইয়াৰ পাছতেই আন এক সিদ্ধান্তৰ ঘোষণা কৰে টেছলাই । এক বিবৃতিত প্ৰকাশিত, ‘অতি শীঘ্ৰে আমাৰ বাহন ও অন্যান্য পণ্যৰ মূল্য বিটকইন মাধ্যমত গ্ৰহণ কৰা হ’ব । সকলো আইন অৱলম্বন কৰি প্ৰথমতে কিছু নিয়ন্ত্ৰণ ৰাখি আৰম্ভ কৰা হ’ব ।’

ক’ভিডৰ সময়ত সমগ্ৰ বিশ্বৰ অৰ্থনীতিয়ে নিম্নগামী হৈছিল । সেই সময়ত বিটকইনসহ অন্যান্য ক্ৰীপ্তকাৰেঞ্চীৰো মূল্য নিম্নগামী হৈছিল । কিন্তু ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ হোৱাৰ লগে-লগে পুনৰ ক্ৰীপ্তকাৰেঞ্চীৰ মূল্য ঊৰ্ধগামী হয় ।

ব্লুমবাৰ্গৰ এক ৰিপ’ৰ্ট অনুযায়ী, ২০২০ত প্ৰায় ৩৫ শতাংশ বৃদ্ধি হৈছে বিটকইনৰ মূল্য । টেছলাই মূলতঃ বৈদ্যুতিক, বেটেৰী ও সৌৰশক্তি চালিত বাহন প্ৰস্তুত কৰে । গোলকীয় উষ্ণতা বৃদ্ধি আৰু আন্তৰ্জাতিক বজাৰত তেলৰ মূল্য ক্ৰমে বৃদ্ধি পোৱাৰ বাবে বিকল্প শক্তি চালিত বাহনৰ চাহিদা বৃদ্ধি পাইছে । লগতে বৃদ্ধি পাইছে টেছলাৰ সম্পত্তিও ।

Exit mobile version