বাদামৰ পুষ্টি আৰু ঔষধি গুণ

Brazil Nuts Hero

★দেহৰ উপযোগী ,ভিটামিন (বি,ই,ডি)কেলচিয়াম,পটেচিয়াম,মেগনেচিয়াম ,কপাৰ ,আইৰন ,জিংক,চডিয়াম,ফাইবাৰ,এন্টি অক্সিডেন্ট,ওমেগা৬ আদি শৰীৰৰ প্ৰয়োজনীয় সকলো সুক্ষ্ম পৌষ্টিক তত্বৰে ভৰপুৰ বাদাম।

★গাখীৰ, ঘী,মাছ মাংস,ফলাদিৰ সমতুল্য খাদ্যপ্ৰান , ধাতৱ লবন, স্নেহ পদাৰ্থ,প্ৰটিন,মিনাৰেল ,কেলৰী ,কাৰ্বোহাইড্ৰেট আদি দেহৰ বল-শক্তিদায়ক পুষ্টি গুণ আছে বাদমত।

★বাদামৰ উৎকৃষ্ট গুণাগুণৰ বাবে মৌ বা গুড়ৰ লগত খাব ইয়াক খাব লাগে ।

★ভিজোৱা বা আহাৰত মিহলাই খোৱা বাদামে পাচন ক্ৰিয়া মজবুত কৰে ।

★পেটৰ সকলো প্ৰকাৰ ৰোগত -অজীৰ্ন, বায়ু পিত্ত , শৌচকচা , এচিডিতি আদিৰ বাবে বাদামৰ ব্যৱহাৰ অতি উত্তম ।

★বাদাম ৰক্তহীনতা ৰোগীৰ ৰক্ত পৰিস্কাৰ আৰু ৰক্ত বৃদ্ধি কৰে ।

★ইয়াত থকা কেলচিয়াম আৰু ডি ভিটামিনে হাড়ৰ গঠন আৰু বিষ নাশ কৰে । নখ, চুলি, চকু আৰু দাঁতৰ বাবে হিতকাৰী ।

★বহুমুত্ৰ ৰোগীৰ বাবে কম কম মাত্ৰাত খোৱাতো উপকাৰী। বাদমৰ ব্যৱহাৰে ৰক্তচ্চাপ স্বাভাৱিক কৰায় ।

★পেটৰ (কল’ন) কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰে বাদামে।

★বাদাম খালে হৃদৰোগ প্ৰতিৰোধ হয়।

★চুলি আৰু চালৰ সকলো ৰোগৰ বাবে উপকাৰী এই বাদাম। কেচা বাদাম মিহিকৈ বতি গোলাপজলসহ চালত ঘহি আধাঘন্টা পিচত ধুলে চাল মসৃন হয় ।

★ভিজোৱা বাদাম গাখীৰ ,মৌ বা গুড় মিহলাই খালে দুৰ্বল আৰু ক্ষীনকায় ব্যক্তিৰ বাবে হিতকাৰী পথ্য ।

★ব্যায়াম, জিম,যোগাসন, কচৰত কৰা লোক বা লৰাছোৱালীৰ সুস্বাস্থ্যৰ বাবে ভিঝোৱা বাদাম অতি পুষ্টিদায়ক খাদ্য । অঙ্কুৰিত মুগ বা বুতৰ লগত খাব পাৰে ।

★গাখীৰ মাছ মাংস বা ফলাহাৰ আদিৰ অভাৱত পুষ্টিহীনতাত ভোগা ব্যক্তি,মাতৃ বা ছাত্ৰছাত্ৰীয়ে বিকল্প পৰিপুষ্টিৰ বাবে ভিজোৱা বাদাম নিয়মিত খাব পাৰে।

★মুঠতে লৰা , ডেকা,বুঢ়া ৰোগী নীৰোগী সকলো লোকৰ বাবে বাদাম শক্তি দায়ক বলকাৰক আৰু ৰোগ প্ৰতিৰোধক খাদ্য।

Exit mobile version