প্রায় সকলোৰে অৱগত যে মানুহৰ বয়স বৃদ্ধি পালে শৰীৰৰ হাড়সমূহ দুর্বল হ’বলৈ ধৰে। ইয়াৰ কাৰণ হিচাপে চর্চিত হয় যে বয়স বৃদ্ধিৰ লগে লগে হাড়ৰ অভ্যন্তৰৰ ঘনত্ব হ্রাস পায়। হাড়ৰ ঘনত্ব হ্রাস পোৱাৰ কাৰকৰূপে ষ্টেনফ’র্ড বিশ্ববিদ্যালয়ৰ একাংশ গবেষকে চিনাক্ত কৰিছে এবিধ প্র’টিনক।
শেহতীয়াভাৱে এই গৱেষকসকলে প্ৰকাশ কৰা অনুসৰি, বাৰ্ধক্যৰ দিনত ‘১৫-পিজিডিএইছ’ নামৰ এবিধ প্ৰ’টিনৰ পৰিমাণ বৃদ্ধি পায়। এই প্ৰ’টিনৰ পৰিমাণ বৃদ্ধিৰ ফলত হাড় দুর্বল হ’বলৈ ধৰে। আনকি এনে অৱস্থাত অষ্টিঅ’পৰেচিছৰ লেখীয়া ৰোগে দেখা দিয়াৰো আশংকা থাকে।
অৱশ্যে বর্তমানে অষ্টিা’পৰেচিছ বা হাড় ক্ষয় ৰোগ কম বয়সতে দেখা দিবলৈ লৈছে। ৩০ৰ ঘৰ অতিক্ৰম কৰাৰ পাছতে হাড়ৰ ঘনত্ব হ্রাস পাবলৈ ধৰে। সেয়েহে ৪০ ঊর্ধ্বৰ বহু পুৰুষ-মহিলাই হাড়ৰ গাঁঠিৰ বিষত ভোগা দেখা যায়। সম্প্রতি ষ্টেনফ’র্ড বিশ্ববিদ্যালয়ৰ এই গৱেষকসকলে প্রকাশ কৰিছে যে বয়স বৃদ্ধিৰ সময়ত হোৱা এনে হাড়ৰ যন্ত্রণা নিৰাময়ৰ উপায় হ’ল ‘১৫-পিজিডিএইছ’ প্র’টিনক নিষ্ক্রিয়কৰণ।
অন্যথা এই প্ৰ’টিনৰ ক্ৰিয়াৰ ফলত হাড়সমূহ দুর্বল হৈ পৰে আৰু বাৰ্ধক্যৰ আগমনো তীব্ৰতৰ হৈ পৰে। যদি এই প্র’টিনক দীর্ঘ সময় ধৰি নিয়ন্ত্ৰণ কৰি ৰাখিব পৰা যায়, তেন্তে বয়স বৃদ্ধি পালেও হাড়ৰ সমস্যাই দেখা নিদিয়ে। এন্দুৰৰ ওপৰত কৰা এক পৰীক্ষাৰ জৰিয়তে এই কথা সংশ্লিষ্ট গৱেষকসকলে নিশ্চিত কৰিছে। উল্লেখ্য যে বর্তমানে অষ্টিঅ’পৰেচিছ ৰোগৰ একমাত্ৰ চিকিৎসা হ’ল বিষনাশক ঔষধ আৰু সংৰোপণ। কিছু ক্ষেত্রত ষ্টেম কোষৰ থেৰাপি প্রয়োগ কৰা হয় যদিও সফলতাৰ হাড় সীমিত।































