ছিংঘু সীমান্তত আৰম্ভ হৈছে দীৰ্ঘস্থায়ী আন্দোলনৰ প্ৰস্তুতি

স্থাপন কৰা হৈছে চিচি টিভি

9kviadug farmers

সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্যত ছিংঘু সীমান্তৰ প্ৰতিবাদী কৃষকসকলে সমস্যা সমাধানৰ কোনো বাৰ্তা লাভ নকৰাত বুজি উঠিছে যে আন্দোলন দীৰ্ঘস্থায়ী হ’ব । সেয়ে নিজৰ মাজত যোগাযোগ বৃদ্ধি কৰিবৰ বাবে নতুন পৰিকাঠামো গ্ৰহণ কৰিছে কৃষকসকলে । আসন্ন গৃষ্মৰ স’তে যুঁজ দিয়াৰ বিষয়েও চিন্তা কৰিছে তেওঁলোকে ।

লগতে ছিংঘু সীমান্তত দৃষ্টি নিক্ষেপ বৃদ্ধি কৰিছে প্ৰতিবাদী কৃষক সংগঠন সংযুক্ত কিষান মৰ্চাই । এই দল ছশ জন স্বেচ্ছাসেৱীৰ দ্বাৰা সংগঠিত । কৃষক নেতাসকলে আশংকা কৰে যে বিশ্ৰামৰ সময়ত দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰিব পাৰে । সেয়ে ২৪ ঘণ্টাই পহৰা দিব এই স্বেচ্ছাসেৱীসকলে । সেয়ে আন্দোলনৰ মূল মঞ্চৰ লগতে গুৰুত্বপূৰ্ণ অঞ্চলসমূহত এশটা চিচি টিভি কেমেৰা আৰু শক্তিশালী ভিডিঅ’ ৰেকৰ্ডাৰ স্থাপন কৰিছে কৃষক নেতাসকলে ।

মঞ্চৰ পিছফালে এখন মনিটৰিং কোঠালীও নিৰ্মাণ কৰা হৈছে । মঞ্চত অনুষ্ঠানৰ সময়ত যাতে সকলোৱে একে ঠাইতে গোট নাখায়, সেয়ে ১০ টা গুৰুত্বপূৰ্ণ স্থানত এলচিডি স্থাপনৰো পৰিকল্পনা কৰা হৈছে । লগতে দিল্লীৰ উত্তপ্ত গৰমক প্ৰত্যাহ্বান দিবৰ বাবে পৰ্যাপ্ত ফেন আৰু এয়াৰকুলাৰ স্থাপনৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

চৰকাৰে অৱশ্যে কৃষক নেতাসকলৰ বিৰুদ্ধে প্ৰতিহিংসামূলক পদক্ষেপ জাৰি ৰাখিছে । কিছুদিন পূৰ্বে তিনি কৃষি আইন সম্পূৰ্ণ প্ৰত্যাহাৰৰ দাবী জনাই আলিগড়ত যি মহাপঞ্চায়ত অনুষ্ঠিত হয়, তাতে ৰাষ্ট্ৰীয় লোক দলৰ নেতা জয়ন্ত চৌধুৰীয়ে কৃষকসকলৰ এই দাবীক সমৰ্থন জনায় । চৌধুৰী নিজেও কৃষক নেতা । ইয়াৰ পাছতেই আৰক্ষীয়ে চৌধুৰী আৰু তেওঁৰ পাঁচ হেজাৰ সমৰ্থকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে । ২২ জন নেতাৰ নাম প্ৰকাশ কৰিছে আৰক্ষীয়ে, বাকীসকলৰ পৰিচয় অজ্ঞাত বুলি কোৱা হৈছে । তেওঁলোকৰ বিৰুদ্ধে অতিমাৰী আইন ভংগৰ অভিযোগ উত্থাপন কৰা হৈছে । আৰক্ষীৰ অভিযোগ সামাজিক দূৰত্ব অৱলম্বন নকৰাকৈ এই সভা অনুষ্ঠিত কৰা হৈছে ।

আন্দোলন অব্যাহত ৰাখিবলৈ পৰ্যায়ক্ৰমে হাজিৰীৰ ব্যৱস্থা কৰিছে কৃষকসকলে । অৰ্থাৎ এখন গাঁওৱে আহি আন্দোলনত যোগ দিলে আন এখন গাঁও উভতি যায় । ১৫ দিন পাছত পুনৰ আন্দোলনত উভতি আহিলে আন এটা দল গৃহমুখী হয় । আন্দোলনকাৰীসকলৰ যুক্তি কৃষি কাৰ্যত অৱহেলা কৰাৰ অৱকাশ নাই । আন্দোলনৰ ফলত কৃষি কাৰ্য থাকি গ’লে পৰিয়ালবৰ্গ যিদৰে বিপদত পৰিব, থিক সেইদৰে সমগ্ৰ দেশেই মূল্য বৃদ্ধিৰ কৱলত পৰিব ।

Exit mobile version