জলফাইৰ ঔষধি গুণ

AdobeStock 107185943web

★গেষ্ট্ৰিকৰ সমস্যাত দীর্ঘদিন ধৰি ভূগি থকা জনে প্রতিদিনে এটাকৈ জলফাই খালে সুফল পাব।

★কলা বৰণৰ জলফাই ভিটামিন-ই ৰ ভাল উৎস। ই শৰীৰৰ ফ্রি ৰেডিকেল বোৰ ধ্বংস কৰে।

★নিয়মিত জলফাই খালে পিত্তথলিৰ পিত্তৰসে অন্ত্ৰত ঠিকমতে কাৰ্য্য কৰে। ফলত পিত্তথলিত পাথৰ হোৱাৰ সম্ভাৱনাও । অনেক কমি যায়।

★ প্ৰচুৰ পৰিমাণে ভিটামিন-C ৰে ভৰপূৰ জলফাই খালে চর্দি, কাঁহৰ দৰে শীতকালীন ৰোগ বোৰৰ পৰা বাছি থাকিব পৰা যায়।

★জলফাইত থকা উপাদানবোৰে শৰীৰত শৰ্কৰা নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা লয়। ফলত ডায়েবেটিচ ৰোগীৰ বাবে ই বৰ উপকাৰী ফল।

★আমি সকলোৱে জানো জলফাইৰ পৰা যি তেল উৎপন্ন কৰা হয় সেই তেলক অলিভ অইল বুলি কোৱা হয়।আৰু এই তেল মানুহৰ স্কিন আৰু চুলিৰ বাবে বৰ উপকাৰী।

★ বহু ঠাইৰ মানুহে অলিভ অইল খাবলৈকো উৎপাদন কৰে। আৰু এই তেল হাৰ্টৰ বাবে উপকাৰী।

★জলফাইত থকা উপাদান বোৰে দেহত কেঞ্চাৰৰ কোষ গঠনত বাধা দিয়ে।

★জলফাইত থকা বহু চমৎকাৰী তত্ববোৰে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। সেয়েহে এই ঋতুৰ বিশেষ ফল জলফাই খাওক আৰু সুস্থ থাকক।

Exit mobile version