পূজাৰা-হনুমা-শচীন পুত্ৰসহ ২৯২জন ক্ৰিকেটাৰ নিলাম হ’ব ১৮ ফেব্ৰুৱাৰীত

80785736

১১১৪ জন ক্ৰিকেটাৰে অনাগত আইপিএল নিলামৰ বাবে নিজৰ নাম নথিভুক্ত কৰিছিল । আঠটা দলে ২৯২জন ক্ৰিকেটাৰৰ নাম নিলামৰ বাবে অন্তৰ্ভুক্ত কৰিছে । ১৮ ফেব্ৰুৱাৰীত চেন্নাইত  এই ক্ৰিকেটাৰসকলৰ নিলাম কাৰ্যসূচী অনুষ্ঠিত হ’ব । ভাৰতৰ টেষ্ট দলৰ অন্যতম মুখ্য ক্ৰিকেটাৰ চেটেশ্বৰ পূজাৰা বহুদিন আইপিএল ক্ৰিকেটৰ পৰা বিৰত আছিল ।

আইপিএল ২০২১ ত তেওঁক পুনৰ খেলপথাৰত প্ৰত্যক্ষ কৰাৰ সম্ভাৱনা আছে । ২৯২ জন‌ ক্ৰিকেটাৰৰ ভিতৰত তেঁৱো এজন । কলকাতা নাইট ৰাইডাৰ্চ, ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ আৰু কিংছ ইলেভেনৰ হৈ খেলাৰ অভিজ্ঞতা আছে তেওঁৰ । তেওঁ অষ্ট্ৰেলিয়াৰ খেলপথাৰত কেৰিয়াৰৰ আটাইতকৈ বেছি বল খেলি অৰ্ধশত ৰাণ কৰাৰ ৰেকৰ্ড কৰিছিল । পূজাৰাই নিজৰ মূল্য ৰাখিছে ৫০ লাখ টকা ।

নিলামত আছে হনুমা বিহাৰীও । তেওঁ নিজৰ মূল্য ৰাখিছে এক কোটি টকা । শচীনৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰৰ নামো নিলামৰ বাবে অন্তৰ্ভুক্ত হৈ আছে । ছৈয়েদ মুস্তাক আলি ট্ৰফীত অংশগ্ৰহণ কৰাৰ বাবে আইপিএল নিলামত‌ নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ অসুবিধাৰ সন্মুখীন নহ’ল তেওঁ । অৰ্জুনে নিলামৰ বাবে নিজৰ মূল্য ৰাখিছে ন্যূনতম ২০ লাখ টকা ।আইপিএলত প্ৰথমবাৰৰ বাবে দেখা যাব অষ্ট্ৰেলিয়াৰ মাৰ্নাছ লাবোচেনক ।

তেওঁ আইপিএলৰ বাবে নিজৰ মূল্য এক কোটি ৰাখিছে । অষ্ট্ৰেলিয়াৰ হৈ নিয়মিত খেলিলেও এতিয়ালৈকে টি-২০ খেলা নাই লাবোচেনে । নিলামত সৰ্বোচ্চ মূল্যত আছে হৰভজন সিং, কেদাৰ যাদৱ । তেওঁলোকে নিজৰ ‌মূল্য ৰাখিছে দুই কোটি টকা । দুই কোটি মূল্য ৰখা বৈদেশিক খেলুৱৈসকলৰ ভিতৰত আছে ষ্টিভ স্মিথ, গ্লেন মেক্সৱেল, ছাকিব আল হাছান, মইন আলি, ছেম বিলিংছ, লিয়াম প্লেনকেট, জেছন ৰয় আৰু মাৰ্ক উড ।

সূত্ৰ অনুসৰি, শ্ৰীশান্তে নিজৰ নাম আইপিএলৰ বাবে নথিভুক্ত কৰিছিল কিন্তু কোনো দলে তেওঁৰ নাম বাচনি নকৰাৰ বাবে নিলামত নাথাকিব ।নিলামত থাকিব ১৬৪ জন ভাৰতীয় খেলুৱৈ আৰু ১২৫ জন বৈদেশিক ক্ৰিকেটাৰ । লগতে থাকিব তিনিজন সহযোগী ৰাষ্ট্ৰৰ ক্ৰিকেটাৰ ।আটাইতকৈ বেছি ধনৰ হিতাধিকাৰী হৈছে কিংছ ইলেভেন পঞ্জাৱ । লোকেশ ৰাহুলৰ দল নিলামত যাব ৫৩ কোটি ১০ লাখ টকাত ।

ধনীৰ চেন্নাই ছুপাৰ কিংছৰ আছে ২২ কোটি ৯০ লাখ টকা, কলকাতাৰ ১০ কোটি ৮৫ লাখ টকা, বিৰাটৰ দলৰ আছে ৩৫ কোটি ৭০ লাখ টকা, ৰাজস্থান ৰয়েলছৰ ৩৪ কোটি ৮৫ লাখ টকা । আইপিএল ২০২০ৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ান্সৰ আছে ১৫ কোটি ৫০ লাখ টকা, ছানৰাইজাৰ্ছ হায়দৰাবাদ দলৰ ১০ কোটি ৭০ লাখ টকা আৰু আটাইতকৈ কম ধন আছে দিল্লী কেপিটেলছৰ ন কোটি টকা ।

Exit mobile version