কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাস থাকিলে শত বাধাকো নেওচি স্বপ্ন পূৰণ কৰিব পাৰি তাৰেই এক নিদৰ্শন দিলে মান্য সিঙে ।
এজন অট’চালকৰ জী মান্যই সম্প্ৰতি এটা সৰ্বভাৰতীয় সৌন্দৰ্য প্ৰতিযোগিতাত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে ।
মান্যৰ জন্ম উত্তৰপ্ৰদেশত । সৰুৰ পৰাই অভাৱৰ সংসাৰ তেওঁলোকৰ । অট’চালক পিতৃয়ে যিখিনি উপাৰ্জন কৰে সেইখিনিয়ে দুবেলা ভালকৈ খাবলৈও নোজোৰে । ভুকৰ তাৰণাত নিশা কটাবলগীয়া হৈছিল ।
অভাৱ-অনাতন থাকিলেও মান্যক পঢ়িবলৈ যথাসাধ্য সুবিধা প্ৰদান কৰিছিল তেওঁৰ অভিভাৱকে ।
বিদ্যালয়ৰ মাচুল পৰিশোধ কৰিবলৈ মান্যৰ মাতৃয়ে সকলোবোৰ গহণা বন্ধকত ৰাখিবলগীয়া হৈছিল ।
কিন্তু এইদৰে আৰু কিমান দিন ? মান্যৰ স্কুলীয়া শিক্ষা প্ৰায় বন্ধই হৈ পৰিছিল । স্কুলত তেওঁৰ স’তে কোনেও বন্ধুত্বও কৰিব বিচৰা নাছিল ।
অট’চালকৰ পুত্ৰী হোৱাৰ বাবে সহপাঠীসকলে তাইৰ পৰা দূৰত্ব ৰাখিছিল । সেইবোৰো তেওঁৰ পঢ়া-শুনাত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বাধা হৈ পৰিছিল ।
ক্ৰমে বিদ্যালয় যোৱা বন্ধ হৈ পৰিছিল মান্যৰ । ঘৰৰ কাম-বন কৰিয়ে দিন কটাইছিল তেওঁ । বাচন ধোৱা, ঘৰ পৰিষ্কাৰ কৰা এইবোৰেই দৈনন্দিন ৰুটিন হৈ পৰিছিল মান্যৰ ।
১৪ বছৰ বয়সতে গৃহ এৰি পলায়ন কৰে মান্যই । বহু কষ্টেৰে উপাৰ্জন কৰি শিক্ষা গ্ৰহণ কৰিবলৈ ধন গোটোৱা আৰম্ভ কৰে ।
দিনত পঢ়া-শুনা, সন্ধিয়া বাচন মাজা আৰু কল চেণ্টাৰত কাম কৰিছিল মান্যই । তেওঁ এনেদৰেই ছাত্ৰী জীৱন সম্পন্ন কৰে । সামান্য খৰচ কম কৰিবৰ বাবে বাট কুৰি বাই খোজকাঢ়িছিল ।
মিছ ইণ্ডিয়া ২০২০ৰ ৰাণাৰআপ হৈ মান্যই এই সকলোবোৰ কথা নিজ মুখে সদৰী কৰে । কিন্তু কেনেকৈ ঘৰৰ পৰা পলাই গৈছিল, ক’ত গৈছিল আৰু কেনেকৈ উপাৰ্জনৰ পথ বিচাৰি পাইছিল সকলো কথা স্পষ্টকৈ ব্যক্ত নকৰিলে মান্যই ।
মান্যই কয় যে, এই সন্মান তেওঁৰ বাবে স্বপ্নৰ দৰে । ইয়াৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছে তেওঁ ।
নিশা টোপনি ক্ষতি কৰি নিজকে প্ৰতিযোগিতাৰ বাবে প্ৰস্তুত কৰিছিল । প্ৰতিযোগিতাৰ পৰা প্ৰাপ্ত ধন তেওঁ পিতৃ, মাতৃ আৰু ভাতৃক দিব বিচাৰে । লগতে মান্যই এগৰাকী সফল মডেল হ’ব বিচাৰে ।
মান্যৰ স্বপ্ন পূৰ্ণ হৈছে । তেওঁ বিচাৰে, তেওঁৰ দৰে যাতে অন্য কোনোৱে নিজৰ স্বপ্ন পাহৰি নাযায় । কঠোৰ পৰিশ্ৰম কৰি নিজৰ স্বপ্নক বাস্তৱায়িত কৰে ।
সুন্দৰী প্ৰতিযোগিতাত জয়ী হোৱাৰ পাছত নিজৰ কাহিনী সমাজ মাধ্যমত প্ৰকাশ কৰে মান্যই । অনুপ্ৰেৰণা হৈ আনৰ স্বপ্ন পূৰ্ণ কৰাই এতিয়া মান্যৰ লক্ষ্য ।