বকোত বেনাৰ প’ষ্টাৰ ফলা ৰাজনীতি আৰম্ভ

দুস্কৃতিকাৰীক তীব্ৰ সকীয়নি অসম জাতীয় পৰিষদৰ

ae6be2b0 3a88 451a a516 74d42c63124c

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কামৰূপ জিলাৰ অনুসূচীত জাতিৰ বাবে সংৰক্ষিত ৪৮নং বকো বিধান সভা সমষ্টিত আৰম্ভ হৈছে বেনাৰ প’ষ্টাৰ ফলা ৰাজনীতি।বকো সমষ্টিৰ দুই লাখ তেৰ হাজাৰ ভোটাৰক লৈ পুনৰ ৰাজনৈতিক দল সমূহৰ মাজত প্ৰতিশ্ৰুতিৰ ৰাজনীতি।

নৱ গঠিত ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ বেনাৰ প’ষ্টাৰ ফালিলে দুস্কৃতিকাৰীয়ে।এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে অসম জাতীয় পৰিষদে। বিগত দিনবোৰত বকো সমষ্টিটো নিৰ্দলীয়, এ আই ইউ ডি এফ,অগপ, কংগ্ৰেছৰ দখলত আছিল।২০১৬ত বকো সমষ্টি পুনৰাই কংগ্ৰেছৰ দখললৈ আহে।

২০২১ৰ নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী। এইবাৰ বকো সমষ্টিত অসম জাতীয় পৰিষদৰ উত্থানত শংকিত হৈ পৰিছে আন আন ৰাজনৈতিক দল সমূহ। ইয়াৰ জলন্ত উদাহৰণ দেখা গল বকোৰ ভালুকঘাটাত। প্ৰতিটো ৰাজনৈতিক দলে সমষ্টিটোৰ বিভিন্ন স্থানত বেনাৰ প’ষ্টাৰ আঁৰি প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছে।

সমান্তৰালভাবে বকোৰ ভালুকঘাটাৰ দৈনিক বজাৰ প্ৰাংগনত অসমৰ নৱ গঠিত ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যেতি গগৈৰ লগতে বকো সমষ্টিৰ মুখ্য আহ্বায়ক দ্বীপজ্যোতি দাসৰ সুকীয়া সুকীয়াকৈ ওলমাই থোৱা ফটো সম্বলিত বেনাৰ প’ষ্টাৰ দুস্কৃতিকাৰীয়ে ফালি পেলাই।এই ঘটনাই বৃহত্তৰ বকো অঞ্চলৰ লগতে ছ’চিয়েল মিডিয়াত খলকনি লগাইছে। অসম জাতীয় পৰিষদৰ বকো সমষ্টিৰ মুখ্য আহ্বায়ক দ্বীপজ্যোতি দাসে দুস্কৃতিকাৰীক ঘটনা সন্দৰ্ভত পুনৰাবৃত্তি নকৰিবলৈ সকিয়াই দিয়ে।

Exit mobile version