১১ মাহে দৰ্শনাৰ্থীৰ বাবে বন্ধ হৈ আছে সুধাকন্ঠৰ সমাধিক্ষেত্ৰ

bhupenhazarika 3s

সাংস্কৃতিক পৰিক্ৰমা -লোক নিৰ্মাণ বিভাগৰ চৰম হেমাহিৰ বাবে লকডাউনৰ পিছৰ পৰা দৰ্শনাৰ্থীৰ বাবে বন্ধ হৈ আছে সুধাকন্ঠৰ সমাধিক্ষেত্ৰ।যাৰ বাবে সুধাকন্ঠ ডঃভূপেন হাজৰিকাৰ এই সমাধিক্ষেত্ৰ দৰ্শনৰ পৰা বঞ্চিত হৈছে দৰ্শনাৰ্থী।

ADVERTISEMENT

লুইতৰ পাৰ শুৱনি সুধাকন্ঠৰ এই সমাধিক্ষেত্ৰ চাবলৈ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰৰ দৰ্শনাৰ্থী আহে যদিও ক’ভিদ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি যোৱা ১১ মাহে চৰকাৰে সমাধিক্ষেত্ৰৰ দ্বাৰ বন্ধ ৰাখিছে।

একাংশ সচেতন মহলৰ অভিযোগ যে চৰকাৰী মহাবিদ্যালয়-বিশ্ববিদ্যালয়কে ধৰি আন আন প্ৰতিষ্ঠান যদি চৰকাৰে খোলা দিব পাৰে এই সমাধিক্ষেত্ৰৰ দীৰ্ঘ দিনে বন্ধ ৰখাৰ যুক্তি- যুক্ততা ক’ত বুলি একাংশই প্ৰশ্ন কৰে।

লগতে চৰকাৰৰ নিৰ্বাচনৰ প্ৰচাৰত হেজাৰ হেজাৰ মানুহ গোট খাই তেতিয়া কি ক’ভিদ সংক্ৰমণৰ হোৱাৰ সম্ভাৱনা নাথাকে ।অথচ সুধাকন্ঠৰ সমাধিক্ষেত্ৰ দৰ্শন কৰিবলৈ অহা মানুহৰ ক’ভিদ হয়,এয়া চৰকাৰৰ সমূলি ভ্ৰান্ত ধাৰণা বুলি জালুকবাৰী একাংশ সচেতন ৰাইজে অভিযোগ কৰে।অতি সোনকালে সুধাকন্ঠৰ এই সমাধিক্ষেত্ৰ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰিবলৈ দাবী জনাই জালুকবাৰী সচেতন ৰাইজে।

Exit mobile version