আমেৰিকাৰ চেনেটত দ্বিতীয় বাৰৰ ইমপিচমেণ্ট শুনানিত মুক্তি পালে প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । ট্ৰাম্পৰ বিৰুদ্ধে কেপিটেল ভৱনত হোৱা আক্ৰমণত উচতনি যগোৱাৰ অভিযোগ উত্থাপন কৰিলেও তেওঁক দোষী সাব্যস্ত কৰিবৰ বাবে চেনেটৰ দুই-তৃতীয়াংশ ভোটৰ প্ৰয়োজন আছিল । শুনানিত চেনেটৰ ৫৭ জন সদস্য ট্ৰাম্পৰ বিপক্ষত থাকে । আনহাতে, ৪৩ জন চেনেটৰ সদস্য ট্ৰাম্পৰ সপক্ষত আৰু ১০ জন সদস্য ট্ৰাম্পৰ বিপক্ষত থাকিলেই ইমপিচমেণ্ট প্ৰক্ৰিয়া বাতিল নহ’ল হয় ।
কালি ট্ৰাম্পে এই ফলাফলৰ ভিত্তিতে কেপিটেল আক্ৰমণ অভিযোগৰ পৰা মুক্ত হয় । ফলত আগন্তুক ২০২৪ত ট্ৰাম্পৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাত বাধা নাথাকিব । বিগত ন ফেব্ৰুৱাৰীৰ পৰা চেনেটত ট্ৰাম্পৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। । ছয় জানুৱাৰী কেপিটেল আক্ৰমণৰ এসপ্তাহ পাছতেই যোৱা ১৩ জানুৱাৰীত আমেৰিকাৰ কংগ্ৰেছৰ নিম্নকক্ষ হাউচ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ শুনানিৰ পাছত চেনেটত এই প্ৰক্ৰিয়া আৰম্ভ হয় । পাঁচ দিনৰ ইমপিচমেণ্ট শুনানিত ডেম’ক্ৰেটৰ সদস্যসকলে ট্ৰাম্পক দোষী সাব্যস্ত কৰিবৰ বাবে প্ৰশ্ন উত্থাপন কৰে ।
ছয় জানুৱাৰীৰ কেপিটেল আক্ৰমণৰ ভিডিঅ’ ফোটেজ চাই তেওঁলোকে মন্তব্য কৰে যে ৰাষ্ট্ৰপতি হিচাপে নিজৰ শপত ভংগ কৰিছে ট্ৰাম্পে । নিৰ্বাচনত পৰাস্ত হোৱাৰ পাছতো শেষ চেষ্টা হিচাপে ক্ষমতা অক্ষুণ্ণ ৰাখিবৰ বাবে নিজৰ সমৰ্থকসকলক উচতনি দি কেপিটেল আক্ৰমণত যোগান ধৰিছিল ।তাৎপৰ্যপূৰ্ণভাৱে, ট্ৰাম্পক দোষী সাব্যস্তকাৰীসকলৰ ভিতৰত চেনেটৰ সাতজন তেওঁৰ নিজৰ দলৰ অৰ্থাৎ ৰিপাব্লিকান সদস্য । সেই ৰিপাব্লিকানসকল হ’ল, নৰ্থ কেৰ’লাইনৰ ৰিচাৰ্ড বাৰ, লুইজিয়ানাৰ বিল কেচিডি, মেইনৰ ছুছান কলিন্স, আলস্কাৰ লিছা মুৰক’ৱস্কি, ইউটাৰ চেনেটৰ মিট ৰমনি, নেব্ৰাস্কাৰ বেন ছাছ, পেনছিলভেনিয়াৰ পেট্ৰিক ট’মি ।ইমপিচমেণ্ট শুনানিৰ পাছত ট্ৰাম্পৰ চিৰাচৰিত মন্তব্য, ‘এইটো আমাৰ দেশৰ ইতিহাসত বলিৰ পাঠা বিচৰাৰ আন এটা পৰ্ব ।’