কোকোৰাঝাৰ জিলাৰ পৰ্বতঝোৰাত সক্ৰীয় চোৰাং গৰু সৰবৰাহ

কোকৰাঝাৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চলত সক্ৰীয় হৈ উঠিছে চোৰাং গৰু সৰবৰাহ ।

নিশা ১৬ টা গৰুসহ এজন আমছু নেতা চোৰাং ব্যৱসায়িক গ্ৰেপ্তাৰ।

যোৱা নিশা পৰ্বতঝোৰা মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত এটি সজাতি দলে কোকৰাঝাৰ জিলাৰ সীমামুৰীয়া পানবাৰী বন অঞ্চলৰ পৰা ১৬ টা গৰু দুখন মটৰচাইকেলসহ আমছু নেতা হাসেম আলীক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে ।

বগৰীবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ ভদ্ৰয়ে বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ নিয়া অৱস্থাত পৰ্বতঝৰা মহকুমা আৰক্ষী বিষয়াই উক্ত গৰুকেইটা জব্দ কৰাৰ লগতে, এজন সৰবৰাহকাৰি আমছু নেতা হাসেম আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

গৰুবোৰক শ্ৰীৰামপুৰৰ কোকৰাঝাৰৰ ভিতৰেদি ধুবুৰী জিলাৰ বিভিন্ন চৰাঞ্চলে দি নাঁৱত উঠাই বাংলাদেশলৈ সৰবৰাহ কৰা হয় ।

Exit mobile version