প্ৰধানমন্ত্ৰী মোদীয়ে সেনাবাহিনীৰ হাতত তুলি দিলে অত্যাধুনিক টেংক অৰ্জুন

20210214033L 1613300140974 1613300159691

পুলৱামাৰ দুবছৰ পূৰ্তিত সেনাবাহিনীৰ হাতত তুলি দিলে অত্যাধুনিক টেংক অৰ্জুন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । আজি তামিলনাডু আৰু কেৰালাত একাধিক প্ৰকল্পৰ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । পুলৱামা আক্ৰমণৰ ছহিদসকলক উদ্দেশ্যি শ্ৰদ্ধা জনায় । ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা সংস্থাৰ দ্বাৰা নিৰ্মিত অৰ্জুন মেন বেটেল টেংক তেওঁ সেনাবাহিনীক প্ৰদান কৰে ।

ডিআৰডিঅ’ৰ যুদ্ধযান গৱেষণা সংস্থা চিভিআৰডিই, ১৫‌ টা দেশীয় শিক্ষা প্ৰতিষ্ঠান, আঠটা গৱেষণাগাৰে যৌথভাৱে অৰ্জুন মেন বেটেল টেংক নিৰ্মাণ কৰিছে । আজি এই যুঁজাৰু টেংক সেনাবাহিনীক প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘অট’মোবাইল প্ৰযুক্তি নিৰ্মাণ ক্ষেত্ৰত ইতিমধ্যে দেশৰ অন্যান্য ৰাজ্যবোৰক প্ৰত্যাহ্বান দিছে তামিলনাডুৱে । এইবাৰ দেশক সুৰক্ষিত ৰখাৰ ক্ষেত্ৰতো বৃহৎ ভূমিকা পালন কৰিছে তামিলনাডুৱে । তামিলনাডুত নিৰ্মিত এই যুদ্ধ সঁজুলি দেশৰ উত্তৰ সীমান্তক সুৰক্ষিত ৰখাত ব্যৱহাৰ কৰা হ’ব ।’

সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে তামিলনাডু আৰু কেৰালাত একাধিক প্ৰকল্পৰ উদ্বোধন কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে । লগতে দেশবাসীক উদ্দেশ্যি কৰ’না ভাইৰাছৰ স’তে যুঁজৰ বাৰ্তাও প্ৰেৰণ কৰে প্ৰধানমন্ত্ৰীজনে । কৰ’নাৰ বিৰুদ্ধে দেশৰ সাফল্যৰ কৃতিত্ব দেশবাসীকেই দিলে তেওঁ । প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘ভাৰতে যে কৰ’না ভাইৰাছৰ প্ৰত্যাহ্বানক নেওচি আগবাঢ়ি মুক্তিৰ পথত আগবাঢ়ি আহিছে ইয়াৰ কৃতিত্ব ১৩০ কোটি ভাৰতীয়ৰ । তেওঁলোকেই কৰ’নাৰ বিৰুদ্ধে যুঁজক উজ্জীৱিত কৰিছে ।’

https://twitter.com/narendramodi/status/1360919421976469506?s=20

আজি চেন্নাইত মেট্ৰ’ৰ নতুন প্ৰকল্পৰ উদ্বোধনৰ লগতে তামিলনাডুৰ দুটা ৰে’ল পথৰ ছিংগল লাইনৰ বৈদ্যুতিককৰণৰ সূচনা কৰে প্ৰধানমন্ত্ৰীয়ে । এটা বিল্লুপুৰম-কাড্ডাল’ৰ-মইলাদুথুৰাই-তাঞ্জাবুৰ বিভাগৰ আনটো মইলাদুথুৰাই-তিৰুভাৰু বিভাগৰ । ২২৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰে’ল পথৰ বৈদ্যুতিককৰণৰ বাবে ৪৩৩ কোটি টকা ব্যয় কৰিছে কেন্দ্ৰই । যিয়ে ৰে’লৰ প্ৰতিদিনৰ ১৪.৬১ লাখ টকাৰ ইন্ধনৰ খৰচ হ্ৰাস কৰিব । লগতে নলা-নৰ্দমা ব্যৱস্থাৰ বাবে দুহেজাৰ ছশ ৪০ কোটি টকাৰ এটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে । চেন্নাইৰ কাষত থাইয়ুৰত আইআইটি মাদ্ৰাজৰ ডিছক’ভাৰী কেম্পাচ নিৰ্মাণৰ বাবে এহেজাৰ কোটি টকাৰ প্ৰকল্পৰ সূচনা কৰে ।

দেওবাৰে চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত মোদীৰ সভাত উপস্থিত থাকে তামিলনাডুৰ মুখ্যমন্ত্ৰী পালানিস্বামী আৰু উপমুখ্যমন্ত্ৰী পনিৰছেলভম । ষ্টেডিয়ামৰ পৰাই তিনি হেজাৰ সাতশ ৭০ কোটি টকাৰ মেট্ৰ’ৰে’ল প্ৰকল্পৰ সূচনা কৰে মোদীয়ে । এই নতুন প্ৰকল্পই চেন্নাই বিমানবন্দৰ‌‌ৰক চহৰৰ উত্তৰাংশ আৰু চেণ্ট্ৰেল ৰে’লৱে ষ্টেচনৰ স’তে যোগাযোগ কৰাত সহায় কৰিব ।

Exit mobile version