চিচ’ৰে ত লাভ কৰা পুৰষ্কাৰ উৎসৰ্গা কৰা হ’ল সুশান্তক

AC8 SEPT Chhichhore 02

শেহতীয়াকৈ ‘নিকল’ডিন কিডচ চইছ অৱৰ্ড ২০২০’ত চিচ’ৰে ছবিখনে শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছে । প্ৰযোজক ছাজিদ নাদিয়াদৱালাই এই বঁটা সুশান্তক উৎসৰ্গিত কৰে।ছাজিদৰ প্ৰযোজনা সংস্থাৰ টুইটাৰ হেণ্ডেলৰ এটা টুইট কৰা হৈছে, ‘এই বঁটা আমি সুশান্ত সিং ৰাজপুতলৈ উৎসৰ্গা কৰিছো ।

তোমালৈ বহুত মৰম ৰকষ্টাৰ।’ লগতে ছবিখনৰ পৰিচালক নীতিশ তিৱাৰী আৰু সুশান্তৰ বিপৰীতে অভিনয় কৰা শ্ৰদ্ধাকো একেটা টুইটতে ধন্যবাদ জনায় । ছেপ্টেম্বৰ ২০১৯ ত মুক্তি লাভ কৰিছিল ‘চিচ’ৰে’। ছবিখনৰ কাহিনী এজন সফল অভিযন্তা অনিৰুদ্ধ পাঠকৰ জীৱনৰ ওপৰত আধাৰিত আছিল।

অনিৰুদ্ধৰ পুত্ৰই অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰাৰ বাবে আত্মহত্যাৰ পথ বাচি লয় ।চিকিৎসালয়ৰ বিচনাত মৃত্যুৰ স’তে যুঁজি থকা অৱস্থাত অনিৰুদ্ধে তেওঁৰ মহাবিদ্যালয়ৰ জীৱন কাহিনী বৰ্ণনা কৰে পুত্ৰক । তেওঁ সেই কাহিনীটো ক’বলৈ মহাবিদ্যালয়ৰ ‘চিচ’ৰে’ বন্ধুসকলক মাতি‌ আনে।

কাহিনীটোৰ দ্বাৰা ল’ৰাজনক বোজোৱা হয় যে জীৱনত কিবা হেৰুৱাটো লজ্জাৰ বিষয় নহয়। আত্মহত্যা কোনো সমস্যাৰ সমাধান নহয়। সুশান্তে অনিৰুদ্ধ পাঠকৰ ভূমিকাত অভিনয় কৰিছিল। শ্ৰদ্ধাক অনিৰুদ্ধৰ এক্স-পত্নী আৰু কলেজৰ বন্ধুৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল। ছবিখন বাণিজ্যিকভাৱে সফল হৈছিল। ‘চিচ’ৰে’ বক্স অফিচত এশ কোটি টকাৰ ব্যৱসায় কৰে ।

Exit mobile version