ছলমানৰ ঘোঁৰা কিনিবলৈ গৈ বিত্তীয় প্ৰৱঞ্চনাৰ বলি মহিলা

বলিউডৰ মহাতাৰকা অভিনেতা ছলমান খানৰ প্ৰিয় ঘোঁৰা কৰা হ’ব বিক্রী। যােধপুৰ নিবাসী এগৰাকী মহিলাই এই খবৰ লাভৰ পাছতে লক্ষ লক্ষ টকা বেগত লৈ ঘোঁৰা কিনিবলৈ আগবাঢ়ি আহিছিল। কিন্তু এইদৰে ঘোঁৰা ক্ৰয় কৰিবলৈ গৈ বিত্তীয় প্ৰৱঞ্চনাৰ বলি হ’ল উক্ত মহিলা । ঘটনাৰ সন্দৰ্ভত মহিলাগৰাকীয়ে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। যােৱা তলাবন্ধৰ সময়ছােৱাত ছলমানে পানভেলেৰ ফার্ম হাউছত যথেষ্ট সময় অতিবাহিত কৰিছিল।

সেই সময়ত অভিনেতাজনে তেওঁৰ প্রিয় ঘোঁৰাৰ স’তে সময় কটোৱাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। সেই ঘোঁৰাটো ছলমানে বিক্ৰী কৰিব বুলি খবৰ লাভ কৰি ৰাজস্থানৰ বাসিন্দা সন্তোষ ভাটিয়ে ১২ লাখ টকাত ক্ৰয় কৰিবলৈ অনলাইনৰ জৰিয়তে এজন ব্যক্তিৰ স’তে যােগাযােগ কৰিছিল। মহিলাগৰাকীয়ে উক্ত ব্যক্তিক ঘোঁৰা ক্ৰয়ৰ বাবে ধনাে আদায় দিছিল।

মহিলাগৰাকীয়ে অভিযোেগ কৰা মতে, তিনিজন ব্যক্তিয়ে তেওঁক ছলমানে ঘোঁৰা বিক্ৰী কৰিব বুলি খবৰ দি যােগাযােগ কৰিছিল। মহিলাগৰাকীয়ে উক্ত ঘোঁৰা কিনিবলৈ প্ৰতাৰক তিনি ব্যক্তিক ১১ লাখ টকা নগদ আৰু বাকী ধন চেকৰ জৰিয়তে আদায় দিছিল।

কিন্তু ঘোঁৰা হস্তান্তৰৰ দিনা নির্দিষ্ট স্থানলৈ গৈ মহিলাগৰাকীয়ে ঘোঁৰাৰ কোনাে সন্ধান লাভ নকৰিলে। এই ঘটনাৰ পাছৰে পৰা মহিলাৰ স’তে যােগাযােগ কৰা তিনি ব্যক্তিও সন্ধানহীন হৈ আছে। উপায়হীন হৈ মহিলাগৰাকীয়ে ন্যায় বিচাৰি আদালতৰ দ্বাৰস্থ হয়।

Exit mobile version