নিকৰ আত্মবিশ্বাস দেখি নিকৰ প্ৰতি আকৰ্ষিত হৈছিল প্ৰিয়ংকা চোপ্ৰা

3493

অভিনেত্ৰী গৰাকীৰ সাফল্য দেখি পিতৃ অশোক চোপ্ৰা যি দৰে সুখী হ’ল হয় ঠিক তেনেদৰেই সুখী স্বামী নিক ।এই সাদৃশ্য দেখি প্ৰিয়ংকাই তেওঁৰ দেউতাকক স্বামী নিক জোনাছত পাইছিল।সম্পৰ্কৰ আৰম্ভণিৰ পৰাই প্ৰিয়ংকাই আচৰিত কৰিছিল নিকক। অভিনেত্ৰীগৰাকী নিকৰ আত্মবিশ্বাসত প্ৰভাৱিত হৈছিল।

প্ৰিয়ংকাই ভাবে যে এই বৈশিষ্টটো অতি কম পুৰুষত দেখা যায়। নিকে প্ৰিয়ংকাৰ মনত এটা বেলেগ স্থান তৈয়াৰ কৰিছিল । প্ৰিয়ংকাই তেওঁক নিজৰ ‘শ্বেয়াৰলিদাৰ’ বুলিও ভাবে।প্ৰিয়ংকাই শেহতীয়াকৈ তাইৰ কিতাপখনৰ প্ৰচাৰৰ বাবে এটা অনুষ্ঠান পৰিদৰ্শন কৰিছিল। অভিনেত্ৰীগৰাকীক সোধা হয় যে তেওঁ নিকক কিয় তেওঁৰ জীৱন সঙ্গী হিচাপে বাছনি কৰিছিল।

অভিনেত্ৰীগৰাকীয়ে উত্তৰ দিয়ে যে নিকে তেওঁৰ নিজৰ কেৰিয়াৰৰ লগতে প্ৰিয়ংকাৰ কেৰিয়াৰৰ বিষয়েও সমানে চিন্তা কৰে। প্ৰিয়ংকাই কয়, “যেতিয়া মই প্ৰথমে তেওঁক লগ পাইছিলো, তেওঁ মোক কাম কৰিবলৈ পঠিয়াইছিল। মই তেওঁৰ স’তে সময় কটাবৰ বাবে এখন সভা বাতিল কৰিবলৈ লৈছিলো ।

কিন্তু নিকে মোক সেইটো কৰিবলৈ দিয়া নাছিল। তেওঁ কৈছিল, মই জানো ইমান দূৰ পর্যন্ত আহিবলৈ তোমাৰ কিমান পৰিশ্ৰম হৈছে সেয়েহে মই তোমাক কামটো অৱহেলা কৰিবলৈ নিদিও। “প্ৰিয়ংকাৰ প্ৰতি নিকৰ প্ৰেম আৰু সংবেদনশীলতাই তেওঁলোকৰ সম্পৰ্কৰ পথ আৰু স্পষ্ট কৰে।

Exit mobile version